অসম

বালিপৰাৰ নিৰ্মীয়মান পতঞ্জলিত কেন্দ্ৰত বন্যহস্তীৰ সন্ত্ৰাস

প্ৰথম খবৰ,বালিপৰা: শোণিতপুৰৰ বালিপৰা, ৰঙাপৰা, চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাই অহাৰ মাজতে অাজি বালিপৰাৰ ঘোঁৰামাৰীত নিৰ্মীয়মান পতঞ্জলি হাৰ্বেল এণ্ড মেগা ফুড পাৰ্কৰ চৌহদত বন্যহস্তীয়ে তাণ্ডৱ চলোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় । জানিব পৰা অনুসৰি,অাজি তিনিটাকৈ বন্যহস্তীয়ে কেন্দ্ৰটোৰ চৌহদত প্ৰৱেশ কৰি নিৰ্মীয়মান এখন পকাীবেৰ নিমিষতে ভাঙি চূৰমাৰ কৰে। ঘটনাৰ ফলত চৌহদত এক হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে, হাতীৰ জাকটোক কেন্দ্ৰটোৰ কৰ্মত নিয়োজিত শ্ৰমিকসকলে খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে বালিপৰাৰ এই পতঞ্জলি হাৰ্বেল এণ্ড ফুড পাৰ্কৰ গাঁতত পৰিয়েই অলপতে এটা বন্যহস্তীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাবগীয়া হৈছিল। গুৰুত্বপূৰ্ণ বিষয় যে, পূৰ্বৰেপৰা বন্যহস্তীৰ অন্যতম কৰিডৰ বুলি খ্যাত স্থানত পতঞ্জলিয়ে ব্যৱসায়িক মুনাফাৰ বাবে কৰিডৰ নষ্ট কৰি উদ্যোগ স্থাপন কৰি পৰিৱেশ বিনষ্ট কৰা কাৰ্যক প্ৰকৃতিপ্ৰেমী ৰাইজে পূৰ্বৰেপৰা প্ৰতিবাদ জনাই আহিছে। অনাগত সময়তো যে পতঞ্জলিৰ উদ্যোগস্থান তথা মূলত: বন্যহস্তীৰ বসবাসস্থলী যে সুৰক্ষিত হ’ব তাত সন্দেহ আছে ৷

Related Articles

Leave a Reply

Close