অসম

বালিপৰাৰ বানপীড়িত গাঁওসমূহত প্ৰশাসনৰ উদ্যোগত সাহায্য সামগ্ৰী বিতৰণ

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰাৰ বানপীড়িত কেইবাখনো গাঁৱৰ ৰাইজক আজি প্ৰশাসনৰ পৃষ্ঠপোষকতাত সাহাৰ্য্য বিতৰণ কৰা হয়। প্ৰাপ্ত তথ্য মতে,বালিপৰা, গুদামঘাট, দীঘলীকে আদি কৰি এই পৰ্যন্ত প্ৰায় আঠখন গাঁৱত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বানপীড়িত ৰাইজক চাউল বিতৰণ কৰে । প্ৰশাসনে এনেদৰে যোগান ধৰা চাউল লাভ কৰি সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক কৃতজ্ঞতা জনায় ৰাইজে। সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত গাঁওবুঢ়াৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলেও সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, বালিপৰা অঞ্চলৰ অন্য বানপীড়িত গাঁওসমূহত পৰ্যায়ক্ৰমে সামগ্ৰী বিতৰণ কৰা হ’ব বুলিও এক সূত্ৰত প্ৰকাশ ।

Related Articles

Leave a Reply

Close