অসম

বিজেপি-অগপৰ নিৰ্বাচনী প্ৰচাৰ ধুমুহা অব্যাহত কাৰ্বি আংলঙত

প্ৰথম খবৰ,খেৰণি: মিত্ৰজোঁটেৰে বিজেপি-অগপই ৰাজ্যিক চৰকাৰ গঠন কৰি চৰকাৰ পৰিচালনাৰ দায়িত্বত একেটা মুদ্ৰাৰ দুটা পিঠি হিচাপে কাম কৰি গৈছে যদিওঁ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আসন্ন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে পাহাৰীয়া জিলাখনত৷ এতিয়া নিৰ্বাচনক কেন্দ্ৰ কৰি দুয়ো দলৰ মাজত এক সম্পূৰ্ণ বিপৰীত স্থিতি আৰু প্ৰয়াস পৰলক্ষিত হৈছে পৰিষদীয় আসন দখলক লৈ দল দুটাৰ মাজত৷ মুঠতে পাহাৰীয়া জিলাখনত ৰাইজৰ মতামতৰ ভিত্তিত কোনোটো পৰিষদীয় সমষ্টিত অগপৰ জয় নিশ্চিত বুলি দাবী উঠাৰ বিপৰীতে আনটো সমষ্টিত আকৌ বিজেপিৰ জয়ীয়েই খাটাং বুলি ৰাইজৰ মুখে মুখে চৰ্চা লাভ কৰিছে৷ ইতিমধ্যে পৰিষদীয় ৭ নং কপিলি সমষ্টিত অগপৰ প্ৰাৰ্থী ধনছিং ডেৰাই শক্তিশালীভাৱে নিৰ্বাচনী প্ৰচাৰ চলায় জয়ী প্ৰায় নিশ্চিত বুলি চৰ্চিত হৈ থকাৰ সময়তে পৰিষদীয় ৮ নং হামৰেণ সমষ্টিটো বিজেপিৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে সমষ্টিটোৰ চমুপং, নকটেৰাং, লিনচিকা, মোলক্‌বং আৰু লাংমিনছ’ত ব্যাপক তৎপৰতাৰে বিজেপিৰ প্ৰাৰ্থী মংগলছিং তিমুঙে নিৰ্বাচনী প্ৰচাৰ চলালে৷ পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ সম্পাদক প্ৰতাপ টেৰাং, কাৰ্বি পৰিষদীয় বিভাগীয় অধ্যক্ষ বিদ্যাছিং টেৰন, হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ণ সমিতিৰ অধ্যক্ষ জয়ছিং ৰংহাং, প্ৰাক্তন কাৰ্য্যবাহী সদস্যা কাৱন ইংতিপি, বিজেপি নেতা  চাৰমেন ফাংছ’, আৰছন ৰংহাং উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী মংগলছিং তিমুঙে সভাসমুহত উপস্থিত থকা বিজেপি নেতা কৰ্মী আৰু সমৰ্থকক ভাষন প্ৰসংগত কয় যে কাৰ্বি আংলঙক অসম ৰাজ্যৰ পৰা বিভাজন নকৰি অসমৰ ভিতৰতে থকি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ যি দীৰ্ঘদিনীয়া দাবী সেইয়া বিজেপি চৰকাৰখনে পাহাৰবাসী ৰাইজক দিব৷ আৰু সেই সন্দৰ্ভত বিজেপি চৰকাৰখনে ইয়াক গুৰুত্ব সহকাৰে লৈছে বুলি কয় তিমুঙে৷ যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাই পৰিষদত বিজেপি চৰকাৰ গঠন কৰিব লাগিব বুলি কয় তিমুঙে৷ ইয়াৰ উপৰিও এখন জিলা অথবা এটা অঞ্চলৰ সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ কেৱল চৰকাৰৰ জৰিয়তেহে সম্ভৱ হয়৷ গতিকে চৰকাৰ পৰিচালনা কৰা দলকহে আমি অগ্ৰাধিকাৰ প্ৰদান কৰি চৰকাৰ গঠনত সহায় সহযোগ আগবঢ়াব লাগিব তেহে আমাৰ অঞ্চলৰ লগতে জিলাখনৰ উন্নয়ণ সাধন ঘটিব বুলি কয় তিমুঙে৷
   আনহাতে একেদৰে নিৰ্বাচনত অগপৰ হৈ ধনছিং ৰংপিয়ে প্ৰতিদণ্ডিতা আগবঢ়োৱা পৰিষদীয় ৯ নং আমৰেং সমষ্টি খেৰণিত এটি নিৰ্বাচনকেন্দ্ৰীক অগপৰ অস্থায়ী কাৰ্য্যালয়ৰ দুৱাৰ মুকলি কৰাৰ বিপৰীতে পৰিষদীয় ৭ নং কপিলি সমষ্টিৰ খেৰণিত অৱস্থিত অগপৰ কাৰ্য্যালয়ত অগপৰ প্ৰাৰ্থী ধনছিং ডেৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা আয়োজনেৰে অগপৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৮ নং হামৰেণ সমষ্টিৰ ডংকামোকামতো অগপ প্ৰাৰ্থী দিলীপ ৰংফাৰৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় সমিতিৰ অগপৰ জেষ্ঠ নেতা অচ্যুৎ শইকীয়া, দিলীপ পাটগিৰি আৰু অগপ নেতা তথা হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেডৰ অধ্যক্ষ পোনাকন বৰুৱাই৷ ভাষণ প্ৰসংগত পাটগিৰিয়ে কংগ্ৰেছক দুৰ্নীতিপৰায়ন দল বুলি অভিহিত কৰাৰ লগতে বৰ্তমানত কংগ্ৰেছৰ পোছাক সলায় বিজেপিৰ পোছাক পিন্ধা বহুৰূপী নেতাসকলক ক্ষোৰধাৰ সমালোচনা কৰাৰ লগতে বৰ্তমানত বিজেপিৰ পৰিচয় লাভ কৰা এইসকল নেতাই ৰাইজৰ ধন টকা পইচা আত্মসাৎ কৰি চহৰে নগৰে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ তুলিলে উক্ত নেতাগৰকীয়ে৷ লগতে এনেবোৰ অনৈতিক, অবৈধ আদি কাৰোকাৰ্য্যৰ সঠিক প্ৰত্যুত্তৰ দিবৰ বাবে কাৰ্বি আংলঙত অগপৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি এইবোৰৰ বিৰুদ্ধে মাত মাতাৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় ৰাইজক পাটগিৰিয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close