অসম

বিজেপি বনাম কংগ্ৰেছ: তীব্ৰতৰ নিৰ্বাচনী যুঁজ পাৰ্বত্যভূমিত

প্ৰথম খবৰ,খেৰণি: সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী ধুমুহাই যেন ছানি ধৰিছে সমগ্ৰ কাৰ্বি আংলঙতে এতিয়া৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমুহৰ মাজত নিৰ্বাচনী যুঁজৰ তৎপৰতা বৃদ্ধি পাইছে৷ পৰিপ্ৰেক্ষিতত দল তথা ৰাজনৈতিক নেতাক লক্ষ্য হিচাপে লৈ তীব্ৰ ভাষাৰে  আক্ৰমণ আৰু প্ৰতিআক্ৰমণেৰে জিলাখনত চলিছে নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী অভাযান৷ এই নিৰ্বাচনী প্ৰচাৰ আৰু অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰন্তত দেখিবলৈ পোৱা গ’ল আজি কেইবাখনকৈয়ো কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা৷ বিপৰীতে পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰো বিভিন্ন প্ৰান্তত পৰিলক্ষিত হ’ল নিৰ্বাচনী প্ৰচাৰ সভাৰে বিজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজোৱা৷ উল্লেখ্য যে আজি ডংকামোকাম, খেৰণি আদিত কংগ্ৰেছে আয়োজন কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিটিৰ সভাপতি ৰিপুন বৰা উপস্থিত হয় আৰু পৰিষদীয় সমষ্টিসমুহত কংগ্ৰেছৰ পৰা প্ৰৰ্থীত্ব লাভ কৰা প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সভাপতি গৰাকীয়ে৷ সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক উপস্থিত থকা সভাত ভাষন প্ৰসংগত বৰাই শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক সমালোচনা কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সনোৱালক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷ ভাষনত বৰাই বিজেপিক ফাঁকিবাজ দল বুলি অভিহিত কৰাৰ লগতে বিজেপি চৰকাৰ দুখীয়া ৰাইজৰ বাবে নহয়, ই কেৱল পুঁজিপতিক লৈ পুঁজিপতিৰ চিন্তা কৰাহে চৰকাৰ বুলি মন্তব্য প্ৰকাশ কৰে৷ কাৰন নিৰ্বাচনৰ পূৰ্বেই বিজেপি দলৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ বৰ কথাৰে, অভিলাষী আঁচনিৰ শ্লোগা’নেৰে দেশৰ ৰাইজক ঠগি ক্ষমতাৰ আসনত বহিলে, চৰকাৰ গঠন কৰিলে আনকি তিনিটাকৈ বৰ্ষৰ কাৰ্য্যকাল অতিবাহিত কৰিওঁ একোকে পৰিবৰ্তন আনিব নোৱাৰিলে বিজেপিয়ে৷ আনকি বিদেশৰ কলা টকা ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি, মুল্যবৃদ্ধি ৰোধ, ২৪ ঘন্টীয়া বিদ্যুৎ যোগানৰ গ্যাৰেন্টি, অভিলাষী আঁচনি ৰূপায়ন আদিৰ কথাৰে ফোঁপযহ মাৰিছিল যদিওঁ সৰ্বত্তে এতিয়া ফুটুকাৰ ফেঁনত পৰিনত হ’ল সকলো৷ বৰংঞ্চ ইয়াৰ বিপৰীত দিশতহে গতি কৰা পৰিলক্ষিত হ’ল বিজেপি চৰকাৰখনে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধিনৰ ২ টকীয়া চাউল বন্ধ হোৱাৰ উপক্ৰম হ’ল, ৫০ টকাৰ দালি ১০০ টকালৈ বৃদ্ধি হ’ল, ইফালে কেৰাচিন, ডিজেল, পেট্ৰল আদিৰ মূল্যটো কবই নালাগে, মুঠতে বস্তু মূল্য এতিয়া সম্পূৰ্ণ আকাশলংঘী হৈ পৰিছে বুলি কয় বৰাই৷ ইফালে বিজেপিয়ে দেশৰ অনুসুচীত জনজাতিৰ শ্ৰেণীকৰন আদিও নিশেষ কৰি সকলোকে সাধাৰন শ্ৰেণীত অন্তৰ্ভূক্ত কৰাৰ অভিসন্ধিও ৰচনা কৰিছে বুলি কয় সভপতিগৰকীয়ে৷ লগতে এতিয়া কংগ্ৰেছ দলৰ ভয়ত আনকি ১২ জুনত অনুস্থিত হবলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১৭ জুনলৈকেও পিছুৱাই দিব লগাত পৰিছে এই চৰকাখনে বুলি কৈ কঠোৰ ভাষাৰে বিজেপিক নিন্দা কৰাৰ লগতে সমালোচনা কৰে৷ মুঠতে কংগ্ৰেছে খান্দিলে পুখুৰী, কুগ্ৰেছেই এৰিলে মাছ, কিন্তু মাছ ডাঙৰ হোৱাৰ পাছত এতিয়া মাছ ধৰি খাবলৈ আহিল বিজেপিয়ে বুলি কৈ বৰাই কটাক্ষ কৰে বিজেপিক৷
    আনহাতে সমান্তৰালকৈ আজি পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুস্থিত হোৱা বিজেপি নিৰ্বাচনী সভাত কাৰ্বি পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য মংগলছিং তিমুঙে ভাষণ প্ৰসংগত কংগ্ৰেছক এক পৰিয়ালকেন্দ্ৰীক দল হিচাপে অভিহিত কৰাৰ লগতে দুৰ্নীতি সংঘটিত কৰা নায়কবোৰেই এতিয়া কংগ্ৰছত আছে বুলি কয়৷ যাৰ ফলস্বৰূপে আজি কংগ্ৰেছৰ মেৰুদণ্ডই ভাঙি পৰিছে, সেয়া আমি কৰা নাই দেশৰ হাজাৰ হাজাৰ জনতাই সেয়া কৰিছে আৰু কাৰ্বি আংলঙতো এইবাৰ কংগ্ৰেছক টেঙা-জ’লাৰ সোৱাদও দিব পাহাৰবাসী জনতাই বুলি কয় তিমুঙে৷ মুঠতে কোনোটো প্ৰকাৰে কাৰ্বি আংলঙত কংগ্ৰেছৰ পৰিকল্পনা আৰু সঁপোন দিঠকত পৰিনত হব নিদিও অথবা বাস্তৱ ৰূপ লব নিদিও বুলি কৈ স্পষ্ট কৰি দিয়ে মংগলছিং তিমুঙে৷  ঠগ আৰু ফাঁকিৰে বিগত ১৫ বছৰে চৰকাৰ পৰিচালনা কৰি দুখীয়াক মাৰি সম্পত্তিৰ পাহাৰ গঢ়া কংগ্ৰেছ আৰু বহু বছৰলৈকে সপোঁন দেখি থাকক বুলি কটাক্ষ কৰে কংগ্ৰেছক তিমুঙে ৷

Related Articles

Leave a Reply

Close