অসমশীৰ্ষ

বিটিচিত বেলেগ দল কৰি লাভ নাই—হাগ্ৰামা

প্ৰথম খবৰ,গোসাঁইগাওঁ: বিটিচিবাসী ৰাইজৰ সম অধিকাৰ আৰু সম উন্নয়নৰ বাবে বি পি এফ দলে কাম কৰি যাব ৷ বিপিএফৰ বাহিৰে বি টি চিত বেলেগ দল কৰি কোনো লাভ নাই ৷ এই ভাষ্য বিটিচিৰ মুৰব্বী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷ গোসাঁইগাৱঁৰ হাব্ৰুবিলস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত বি পি এফৰ নৱ সদস্য যোগদান সভাত বি টি চিৰ মূখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী উপস্থিত থাকি সকলো দল সংগঠনক বি টি চিৰ উন্নয়নৰ বাবে একত্ৰিত হোৱাৰ বাবে আহ্বান জনায় ৷ ৰাজ্য চৰকাৰৰ মিত্ৰ দল হিচাপে বি টি চি এলেকাটো কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা ৰাইজৰ বাবে গ্ৰহণ কৰা আচঁনি সমূহ যাতে সঠিক ভাৱে ৰুপায়ন তাৰ বাবে ভি চি ডি চিৰ কৰ্মী সদস্য সকলক তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে ৷ বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা প্ৰাক্তন কাৰ্য্যবাহী সদস্য শোভাৰাম বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত নৱ সদস্য যোগদান সভাত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ ১৩১০ গৰাকী নেতা, কৰ্মী, সদস্যই আনুষ্ঠানিক ভাৱে বি পি এফৰ সাধাৰণ সদস্য হিচাপে যোগদান কৰে ৷ ইয়াৰে ভিতৰত কংগ্ৰেছ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় মাৰাণ্ডীৰ নেতৃত্বত ৪২৫ গৰাকী কংগ্ৰেছ কৰ্মী সমৰ্থকৰ উপৰি কংগ্ৰেছ’ৰ পলাশগুৰী, ভোমৰাবিল, বুঢ়িচাতাম আৰু চোটোগমা প্ৰায়মাৰী কংগ্ৰেছৰ ৮৫ গৰাকী, এ আই ইউ ডি এফৰ যুৱ গোটৰ কেন্দ্ৰীয় সম্পাদক ক্ৰমে খলিলুৰ ৰহমান, চালিম শ্বেখ, উপ সভাপতি টদ্বয় ক্ৰমে চফিয়ুৰ ৰহমান আৰু চাহজাহান আলি শ্বেখৰ নেতৃত্বত ১৫১ গৰাকী, এছুৰ প্ৰাক্তণ কেন্দ্ৰীয় সভাপতি কাইন হেম্ৰমৰ নেতৃত্বত ১৫৬ গৰাকী আৰু চিদো আৰ্চাৰীৰ ২৪ গৰাকী নেতা কৰ্মী সমৰ্থকে আনুষ্ঠানিক ভাৱে বি পি এফত যোগদান কৰে ৷ উক্ত যোগদান সভাত এন ডি এফ বি(ৰ) গোটৰ দুগৰাকী সদস্যৰ লগতে আদিবাসী যুদ্ধ বিৰত গোট ক্ৰমে নাছলাৰ ৩০২ গৰাকী, এ ডি এফৰ ১৯০ গৰাকী সদস্য উপৰি আকমা’ৰ সদস্যই হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বি পি এফ দলত যোগদান কৰে ৷ নতুন কৈ বি পি এফত যোগদান কৰা সদস্য সকলক মূখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ফুলাম গামোছাৰে উষ্ম আদৰণি জনায় আৰু বি পি এফ দলৰ জৰিয়তে নিজৰ অঞ্চলৰ ৰাইজৰ সুবিধা অসুবিধা সমূহ পূৰণ কৰাত সহযোগ কৰাৰ বাবে প্ৰতি গৰাকী নৱ যোগদানকাৰী সদস্যক আহ্বান জনায় ৷ প্ৰাক্তন কংগ্ৰেছী সঞ্জয় মাৰাণ্ডীয়ে বি পি এফ যোগদান কৰি সংবাদ মাধ্যমৰ আগত নিজৰ ভাষ্য প্ৰকাশ কৰি কয়, মই ২০০৭ চনৰ পৰাই কংগ্ৰেছ দলৰ হৈ কাম কৰি আছো যদিও কংগ্ৰেছত থাকি মই অঞ্চলবাসী ৰাইজৰ হৈ কোনো উন্নয়নৰ কাম কৰিবলৈ সক্ষম হোৱা নাই ৷ তেওঁ বি টি চিত কংগ্ৰেছ দলৰ খহনীয়াৰ কথা উল্লেখ কৰি আভ্যন্তৰত কংগ্ৰেছ দলৰ কৰ্ম পদ্ধতি সঠিক নোহোৱা বাবেই বি টি চি’ত কংগ্ৰেছ দলৰ অস্থিত্ব নাইকীয়া হোৱাৰ পথত আগবাঢ়িছে ৷ উক্ত যোগদান সভাত সদৌ চাওঁতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ প্ৰাক্তণ সভাপতি কাইন হেম্ব্ৰমে কংগ্ৰেছ তথা বি জে পি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ দীৰ্ঘদিন ধৰি বিটিচিত বসবাস কৰা আদিবাসী তথা চাওঁতাল জনসাধাৰণক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে ৷ পিছ পৰা জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া প্ৰাপ্য অধিকাৰৰ দাবীক প্ৰৱঞ্চনা কৰি অহা বুলি ক্ষোভ ব্যক্ত কৰে ৷ ছাত্ৰ সংগঠণৰ পৰা ৰাজনৈতিক জীৱনলৈ ঢাপলি মেলা কাইন হেম্ব্ৰমে বি পি এফ’ ৰাজনৈতিক দলৰ লগত জৰিত হৈ আদিৱাসী তথা চাওঁতাল জনগোষ্ঠীৰ ৰাইজৰ হৈ সদায় কাম কৰি যাবলৈ প্ৰতিজ্ঞাৱদ্ধ বুলি নিজৰ ভাষণত প্ৰকাশ কৰে ৷ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা গোসাঁইগাও জিলা বি পি এফ’ৰ সাধাৰণ সম্পাদক ৰেওৰেৱা নাৰ্জীহাৰীয়ে আঁতধৰা নতুন সদস্য যোগদান সভাখনত স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, কাৰ্য্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ ব্ৰহ্ম সহ কেইবা গৰাকীয় পৰিষদীয় সদস্যৰ লগতে সহস্ৰাধিক দলীয় নেতা কৰ্মী সমৰ্থক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close