অসম

বিটিচিৰ পশু চিকিৎসকলৈ মটৰ চাইকেল বিতৰণ

প্ৰথম খবৰ ,কোকৰাঝাৰ: সমগ্ৰ ৰাজ্যখনৰ লগতে বিটিচি এলেকাত কৰ্মৰত পশু চিকিৎসক সকলে যাতে আৰু অধিক সক্ৰিয়তাৰে ৰাইজৰ সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিটিচিৰ জিলা আৰু মহকুমা পৰ্য্যায়ৰ দহগৰাকী পশু চিকিৎসকলৈ দহখন মটৰ চাইকেল প্ৰদান কৰা হয়৷ বিটিচিৰ পশু চিকিৎসা আৰু পালন বিভাগৰ মুৰব্বী ডঃ দিলীপ ডেকাৰ সঞ্চালনাত কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত পশু চিকিৎসা আৰু পালন বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয় চৌহদত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানযোগে মটৰ চাইকেলসমূহ বিতৰণ কৰে বিভাগীয় কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে৷ পৰৱৰ্তী সময়ত আন পশু চিকিৎসকলৈকো এনে ধৰণৰ মটৰ চাইকেল প্ৰদান কৰা হ’ব বুলি কাৰ্য্যবাহী সদস্য গৰাকীয়ে জানিব দি পশু চিকিৎসা সেৱাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ চিকিৎসকললৈ আহ্বান জনায়৷

Related Articles

Leave a Reply

Close