অসম

বিদ্যালয়ে বিদ্যালয়ে গৈ মান পত্ৰ প্ৰদান পুৰণিগুদাম প্ৰেছ ক্লাবৰ

প্ৰথম খবৰ,বঢ়মপুৰ: ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি নগাওঁ জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ৷ তাৰে অংশ হিচাপে দূৰ্গা পূজাৰ বতৰত অনুষ্ঠিত কৰা শাৰদীয় শিশু গ্ৰন্থ মেলা অন্যতম ইয়াৰ উপৰিও বিভিন্ন সময়ত পুৰণিগুদাম প্ৰেছ ক্লাৱে বিভিন্ন সামাজিক কামো কৰি আহিছে ৷ উল্লেখ্য যে পুৰণিগুদাম প্ৰেছ ক্লাৱে পৰিৱেশ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি আয়োজন কৰা সদৌ অসম ভিত্তিত ডাক যোগে ছৱি অকাঁ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ মুঠ তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৩ গৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিছে ৷ ইয়াৰ উপৰিও পুৰণিগুদাম প্ৰেছ ক্লাৱে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক মান পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে ৷ ৰাজ্যৰ দূৰ দূৰণিৰ প্ৰতিযোগী সকলৰ মান পত্ৰৰ লগতে পুৰস্কাৰ সমূহ ইতিমধ্য ডাকযোগে পঠিওৱাৰ ব্যৱস্থা কৰিছে ৷ ইফালে বিভিন্ন শাখাত স্থান লাভ নগাওঁ জিলাৰ প্ৰতিযোগীসকলক পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই বিভিন্ন স্থানত গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰিছে ৷ আজি প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তা সকল বঢ়মপুৰ শংকৰদেৱ শিশু নিকেতন আৰু ৬০৯ নং জলাহগাওঁ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ পুৰস্কাৰ আৰু মান পত্ৰ বিতৰণ কৰে ৷ সেই উপলক্ষে আজি বঢ়মপুৰ শংকৰদেৱ শিশু নিকেতনত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত নিকেতন পৰিচালনা সমিতিৰ সভাপতি গনেশ শইকীয়া,সম্পাদক লক্ষেশ্বৰ বছা,প্ৰধান আৰ্চায্য বিউতি নেওগৰ উপৰিও শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ সভাত বিদ্যালয়ৰ শিক্ষক মাধব বৰুৱাই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ এনেধৰণৰ মহৎ উদ্দেশ্যক আদৰণি জনায় ৷ ইফালে সভাত উপস্থিত থকা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীয়ে পৰৰ্বতী সময়তো ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদাম প্ৰেছ ক্লাৱে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি কয় ।উক্ত সভাত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি ভূঞা,সদস্য নয়ন মনি বৰা আৰু ৰিবলু কাঠ হাজৰিকা উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close