অসম

বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে উদযাপিত হ’ল মাধদেৱৰ জন্মজয়ন্তী

প্ৰথম খবৰ, টিয়ক: যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত ঢেকিয়াখোৱা বৰনামঘৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫২৮ তম জন্মজয়ন্তী উদযাপন কৰা হয়। পুৱা ৮.৩০ বজাত বিশাল সাংস্কৃতিক শোভাযাত্ৰাই আৰম্ভণি হোৱা এই কাৰ্যসূচীয়ে মুহিত কৰি তোলে সকলোকে। কাকজান কলেজ এন.এচ.এচ গোট, মাধৱদেৱ সংগীত মহাবিদ্যালয়, মাধৱদেৱ একাডেমী আদিকে ধৰি প্ৰায় কুৰিৰো অধিক অনুষ্ঠানৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় অসমীয়া সংস্কৃতি। এই শোভাযাত্ৰাত কোনোৱে যদি হৰিনাম, কোনোৱে দিহানাম, বৰগীত আৰু কোনো ভাওনাৰ ভিন্ন ৰূপত উপস্থাপন কৰা হয় ৷ দিনৰ ১০.৩০ বজাত এই শোভাযাত্ৰাৰ সামৰণি পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close