অসম

বিশিষ্ট সমাজকৰ্মী মিন্টু হাজৰিকাৰ মৃত্যু: ৰূদ্ৰসাগৰত শোকৰ ছাঁ

প্ৰথম খবৰ,গৌৰীসাগৰ: শিৱসাগৰ জিলা ৰূদ্ৰসাগৰ পুৰণি পুখুৰী পাৰৰ নিৱাসী তথা বন বিভাগৰ কৰ্মচাৰী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূদ্ৰসাগৰ অাঞ্চলিক সমিতি উপদেষ্টা, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ৰূদ্ৰসাগৰ অঞ্চলৰ এজন সমাজ সচেতন ব্যক্তি মিণ্টু হাজৰিকা(৫৬ ) অাজি পুৱা ৪.৩০বজাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগত জড়িত হাজৰিকা অাছিল ৰূপহী বিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মাণ সমিতি সম্পাদক, ভাওনা দল’মুক্তি মংগল সাংস্কৃতিক নাট্যগোষ্ঠী’অাৰু স্বেচ্ছাসেৱী অনুষ্ঠান পৃথিৱী উপদেষ্টা। হাজৰিকা মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা,ৰূদ্ৰসাগৰ অাঞ্চলিক সমিতি, ৰূপহী বিল বনগাঁও প্ৰাথমিক বিদ্যালয়, কৈৱৰ্ত্ত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা, বিহু সুৰক্ষা সমিতি শিৱসাগৰ জিলা সমিতি, জাতীয় মহিলা পৰিষদ ৰূদ্ৰসাগৰ সমিতি, ভাৰতীয় জনতা পাৰ্টী ৰূদ্ৰসাগৰ পঞ্চায়ত,৬৭নং বুথ সমিতি, ৰূদ্ৰসাগৰ পৰা প্ৰকাশিত কবিতা অালোচনী ‘সঁজাল’ৰ পৰিয়ালবৰ্গ,পুৰণি পুখুৰী বৰনামঘৰ পৰিচালনা সমিতি, অাঠাইসাগৰ বিষ্ণু মন্দিৰ নিৰ্মাণ সমিতি, মঠাদাং শিশু/বিদ্যা নিকেতনৰ পৰিচালনা সমিতি, মুক্তি মংগল সাংস্কৃতিক নাট্যগোষ্ঠী পৰিচালক প্ৰান্তিক শৰ্মা,পৃথিৱী এন.জি.অ. সম্পাদক বিজয় ৰবি কাশ্যপৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। পত্নী, এজন পুত্ৰ, এগৰাকী জী অাৰু জোঁৱাই ইহসংসাৰত এৰি থৈ যোৱা হাজৰিকা মৃত্যুত বৃহত্তৰ ৰূদ্ৰসাগৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close