অসম

বিশ্বনাথত চোৰাং চিকাৰী গ্ৰেপ্তাৰ

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বাঘৰ চোৰাং চিকাৰী। গহপুৰৰ ৰাঙলীয়ালৰ পৰা গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীটোৰ নাম সাহিত্য দাস। ধৃত চিকাৰীটো বিহালীৰ গাইটাপু ফৰেষ্ট কেম্প অঞ্চলত সংঘটিত হোৱা এটা বাঘৰ হত্যাৰ লগত জড়িত। এই ঘটনাৰ মূল অভিযুক্ত কালু বনীয়া সম্প্ৰতি পলাতক। বন বিভাগে কালুক বিচাৰি চলাইছে অভিযান। ধৃত সাহিত্য দাসক বিশ্বনাথ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Leave a Reply

Close