অসমশীৰ্ষ

বিশ্বনাথত ভয়াৱহ অগ্নিকাণ্ড, তিনি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথৰ দৈনিক বজাৰৰ কাষত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। য’ত  সম্পূৰ্ণকৈ ভস্মীভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ। নুৰ ইছলাম নামৰ ব্যক্তিজনৰ ঘৰত ভাৰাত থকা জামালোদ্দিন আৰু ছালাম নামৰ ব্যক্তি দুজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । য’ত কথমপি প্ৰাণৰক্ষা পৰে দুয়োটা পৰিয়ালৰ সদস্য সকলৰ। পিছে দুয়োটা বাসগৃহ আৰু তাত থকা সকলো সা-সম্পত্তি ভস্মীভূত হয়। এতিয়াও অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ কাৰণ জানিব পৰা যোৱা নাই যদিও জ্বলাই থোৱা চাকিৰ পৰা ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনা স্থলীত আৰক্ষী চি আৰ পি এফ আৰু অগ্নি নিৰ্বাপন বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় । আনহাতে এই অগ্নিকাণ্ডত ৩ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়।

 

Related Articles

Leave a Reply

Close