অসম

বিশ্ব ৰক্তদান দিৱসৰ লগত সঙ্গতি ৰাখি চিৰাঙত বঙাইগাঁও শোধনাগাৰ ইউনিট চি আই এচ এফৰ ৰক্তদান শিবিৰ

প্ৰথম খবৰ কাজলগাঁও: চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনস্থ বঙাইগাঁও শোধনাগাৰত কৰ্মৰত চি আই এচ এফ ইউনিটে শোধনাগাৰ উপনগৰিত থকা চিকিৎসালয়ত আজি বিশ্ব ৰক্তদান শিবিৰৰ লগত সঙ্গতি ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰে । ৰাতিপুৱা ৯ বজাত বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক জি চি শিকদাৰে আনুষ্ঠানিকভাৱে ফিতা কাটি ৰক্তদান শিবিৰৰ উদ্বোধন কৰে । তাৰ পিচতে চি আই এচ এফৰ বঙাইগাঁও শোধনাগাৰ ইউনিটৰ পুৰুষ-মহিলা জোৱানৰ শতাধিকে ৰক্তদান কৰে । যোৱা ৮ জুনৰ পৰা ১৪ জুনলৈ চলিব লগীয়া বিশ্ব ৰক্তদান শিবিৰৰ এই বাৰৰ শ্লোগান হৈছে ” তেজ দিয়ক,এতিয়াই দিয়ক,মাজে মাজে তেজ দিয়ক । মুঠতে দুৰ্গতজনক সহায়ৰ বাবে এই ধৰণৰ ৰক্তদান শিবিৰে সমাজত মহান আদৰ্শ।

 

Related Articles

Leave a Reply

Close