অসম

বিহপুৰীয়াত আৰক্ষীৰ সহযোগত বন বিভাগে কাঠ সহ আটক কৰে বাহনখনৰ চালকক

প্ৰথম খবৰ, বিহপুৰীয়া: বিহপুৰীয়া বিভিন্ন প্ৰান্তত জাক জমকতাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰি থকাৰ সময়তেই একাংশ লোকে বন ধ্বংশ কাৰ্যত লিপ্ত থকা কাৰ্যই বিহপুৰীয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, বিহপুৰীয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লাহলিয়ালত আজি সন্ধ্যা স্থানীয় ৰাইজৰ সহযোগত নাহৰতী থানৰ সমীপৰ ব্যক্তিগত বাগানৰ পৰা বিভাগীয় অনুমতি নথকাকৈ ৮ জোপা নাহৰ গছ কুন্দা (৩৫ ফুট) গাড়ীত বোজাই কৰি নিব ধৰোতে বিহপুৰিয়া আৰক্ষীৰ সহযোগত বিহপুৰীয়া বন বিভাগে কাঠ সহ আটক কৰিবলৈ সক্ষম হয়৷ ইপিনে আৰক্ষীয়ে অধিক তথ্যৰ বাবে বাহনখনৰ চালকক আটক কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close