অসম

বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,মংগলদৈ: বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত আজি মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উদ্যেগত মঙ্গলদৈ বৰ পুখুৰীৰ পাৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ আগত বৃহৎ নদীবান্ধৰ পোষকতা নকৰা আৰু এতিয়া বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে সৰৱ হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । NHPC ৰ কাম সম্পুৰ্ণ নহওতেই ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদীবান্ধে সমগ্ৰ অসমতে ক্ষতি কৰিব বুলি অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক দোষাৰোপ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । আৰু অনাগত দিনতো বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ নেতা কৰ্মীৰ ৷

Related Articles

Leave a Reply

Close