অসমশীৰ্ষ

বেঁকীৰ বাঢ়নী পানীত বুৰ গ’ল কলগাছিয়াৰ বহু গাঁও: জলমগ্ন বিদ্যালয়

প্ৰথম খবৰ, কলগাছিয়া: যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়াৰ কামাৰপাৰা, জমেৰকুৰ, গুইলেজা, ভেৰাগাঁও আৰু বৰডাংগা গাঁও জলমগ্ন হৈ পৰিছে। জলবন্দী হৈ পৰিছে গাঁওকেইখনৰ শতাধিক পৰিয়াল। মাজনিশাৰপৰা বেকী নৈৰ পানী বাঢ়ি উঠাত ইতিমধ্যে বুৰ গৈছে কামাৰপাৰা হাইমাদ্ৰাছা আৰু খাটাকুছি প্ৰাথমিক বিদ্যালয়।ফলত ব্যহত হৈ পৰিছে পাঠদান। শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ আহিছে যদিও শ্ৰেণী কোঠাত পানী উঠাত ছাত্ৰ-ছাত্ৰীসকলে এইদৰে ঘূৰি যাবলগীয়া হৈছে। অহা ১৯ জুনৰ তাৰিখৰপৰা ছয়মাহিলী পৰীক্ষা আছে যদিও কিদৰে পৰীক্ষা অনুষ্ঠিত হ’ব তাকে লৈ চিন্তিত হৈ পৰিছে মাদ্ৰাছা কৰ্তৃপক্ষ। তাদুপৰি নৱনিৰ্মিত বৰডাংগা-কামাৰপাৰা মথাউৰিৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰিছে বেঁকীৰ বাঢ়নী পানীয়ে। যোৱা বছৰৰ দৰে এই বেলিও বানপানীয়ে কলগাছিয়া-টেঙাগাও গড়কাপ্তানী পথৰ ছিঙা অংশয়েদি পানী সোমালে জনীয়া, বাঘবৰ, অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণৰ ১২৫খন গাও জলমগ্ন হৈ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা কৰিছে ইয়াৰে স্থানীয় ৰাইজে। উল্লেখ্য যে কামাৰপাৰা হাই মাদ্ৰাছাখন বিগত বানপানীয়ে উঠাই নিছিল যদিও বৰ্তমান লৈকে চৰকাৰে বিদ্যালয়খনৰ গৃহ স্থাপন নকৰাৰ ফলত শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত চৰম যাতনাত ভূগিছে। সম্প্ৰতি মাদ্ৰাছাখন অস্থায়ীভাৱে এইদৰে খাটাকুছি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰি কোনমতে পাঠদান দি থকা দেখা গৈছে।

Related Articles

Leave a Reply

Close