অসম

বৰক্ষেত্ৰীৰ চতেমাৰীৰ দুই দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সমাজসেৱক ভূপেন তালুকদাৰ সহায়ৰ হাত

প্ৰথম খবৰ, মুকালমুৱা: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে সাফল্য অৰ্জন কৰি গাওঁখনলৈ গৌৰৱ কঢ়িয়াই অনা বৰক্ষেত্ৰীৰ চতেমাৰী গাঁৱৰ দুই অতি দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিলে বৰক্ষেত্ৰীৰ বিশিষ্ট সমাজসেৱক ভূপেন তালুকদাৰে ৷ বৰক্ষেত্ৰীৰ চতেমাৰী গাঁৱৰ গুৱাহাটীত ৰিস্কা চালকক ভগবান তালুকদাৰ কন্যা গিতুমনি তালুকদাৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬.৩৪% নম্বৰেৰে মুঠ ৫১৮ আৰু গাওঁখনৰে আনৰ ঘৰত শিপিনী হিচাপে কৰ্মৰত সিদ্ধেশ্বৰ তালুকদাৰৰ পুত্ৰ অখিল তালুকদাৰে ৮৭.৩৩% নম্বৰেৰে মুঠ ৫২৪ নম্বৰ লাভ কৰি অঞ্চলটোলৈয়ে গৌৰৱ কঢ়িয়াই আনিছে ৷ দৰিদ্ৰতাই শিক্ষাৰ হেঙাৰ হিচাপে বাধাৰ সৃষ্টি কৰা তথা এসাঁজ ভাত খাই এসাজ লঘোনে থকা দুই মেধাবী ছাত্ৰ-ছাত্ৰীৰ কাষলৈ আহি সহায়ৰ হাত আগবঢ়াইছে বৰক্ষেত্ৰীৰ বিশিষ্ট সমাজসেৱক ভূপেন তালুকদাৰে ৷ দুয়োগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক আজি ভূপেন তালুকদাৰে ঘৰত গৈ সম্বৰ্ধনা জনোৱাৰ লগতে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীকে নগদ ২০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীকে উচ্চতৰ মাধ্যমিকত শিক্ষা অৰ্জনৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close