অসম

বৰপেটাৰোডত মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি নিলে চোৰে : দুজনক আটক

প্ৰথম খবৰ, বৰপেটাৰোড: বহিঃ ৰাজ্যৰ পৰা অহা পাঁচজনীয়া ইৰানী গ্রুপৰ এটি দলে কালি সন্ধিয়া বৰপেটাৰোডৰ এগৰাকী মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি লৈ পলায়ন কৰিছিল। কিন্তু স্থানীয় একাংশ যুৱকে তৎপৰতাৰে ইয়াৰে দুটা দুবৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত যুৱকদ্বয়ৰ এজনে নিজকে পশ্চিমবংগৰ দিনবজাৰ অঞ্চলৰ বিষ্ণু দাস(২৪) আৰু আনজনে বিহাৰৰ কিষাণগঞ্জৰ চাহিল সিং(২৩) বুলি পৰিচয় দিছে। প্রাপ্ত তথ্যমতে কালি বৰপেটাৰােডৰ কলহভাংগা-মিছনৰােডত সন্ধিয়া প্রায় ৬-৩০ মান বজাত এগৰাকী স্থানীয় মহিলাই নিজৰ জীয়েকক টিউচনৰ পৰা লৈ অহাৰ সময়তে তিনিখন মটৰ চাইকেলত অহা পাঁচজনীয়া দল এটাই মহিলাগৰাকীৰ গলৰ পৰা সোণৰ চেইন কাঢ়ি লৈ ক্ষীপ্ৰতাৰে গতি কৰে। কিন্তু সেই সময়ত উক্ত স্থানত থকা একাংশ যুৱকে মটৰ চাইকেলৰ নম্বৰ টুকি লোৱাৰ লগতে তৎক্ষণাত দুটা দলত বিভক্ত হৈ এটা দলে বৰপেটাৰােডৰ শিমলাগুৰি আৰু আনটাে দলে বৰপেটাৰােড বজাৰ দিশলৈ খেদি আহে। ইয়াৰে বজাৰলৈ অহা দলটােৱে দুৰ্বত্তৰ দলটােক চৌধুৰী শ্বপিং কমপ্লেক্সৰ কাষতে প্রত্যক্ষ কৰি হুৱাদুৱা লগাই ইয়াৰে দুটা দুৰ্বত্তক কৰায়ত্ব কৰে যদিও বাকী তিনিটা দুৰ্বত্তই সুযোগ বুজি তাৰপৰা পলায়ন কৰে। কিন্তু বাকী দুটা দুবৃত্তক স্থানীয় উত্তেজিত লোকে উত্তম মধ্যম শোধায় আৰু সেই খবৰ পাই তাত উপস্থিত হােৱা আৰক্ষীক গতাই দিয়ে। অন্যহাতে দুস্কার্যৰ সময়ত এই দুই দুৰ্বত্ত সহ অন্যকেইজনে ব্যৱহাৰ কৰা ইউপি৫৩ বিকে ৭৫৪৯ আৰু ডব্লিউ বি ৭২ কে ৭৯৬৪ নম্বৰৰ দুখন পালচাৰ মটৰ চাইকেলও আৰক্ষীয়ে জব্দ কৰিছে।ৰাইজৰ মাৰত লেবেজান হোৱা চোৰ দুজন বর্তমান আৰক্ষীৰ জৰিয়তে চিকিৎসাধীন হৈ আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close