অসম

বৰপেটাৰ কাছুমাৰত খাদ্য সুৰক্ষাৰ বৃহৎ পৰিমানৰ চাউল জব্দ: জেল হাজোতলৈ নাৱৰীয়া

প্ৰথম খবৰ,নগৰবেৰা: বৰপেটা জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কালি জিলাখনৰ কাছুমাৰা চুনেৰচালিৰ ব্ৰহ্মপুত্ৰৰ সূতি নদীৰ পৰা বৃহৎ পৰিমানৰ চোৰাং চাউল জব্দ হোৱা ঘটনাই জিলা যোগান বিভাগৰ ফোঁফলা স্বৰূপ উদঙাই দিছে। জানিব পৰা মতে, দৰিদ্ৰ লোকৰ বাবে চৰকাৰে আৱন্টন দিয়া খাদ্য সুৰক্ষাৰ ১৫৫ বস্তা চাউল চোৰাং কৈ বিক্ৰী কৰাৰ উদ্দেশ্য স্থানীয় এগৰাকী চোৰাং চাউল বেপাৰীয়ে উক্ত চাউল খিনি নাঁও ভৰ্তি কৰি কাছুমাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সুতি নদীৰে নগৰবেৰা লৈ যোৱা অৱস্থাত স্থানীয় একাংশ লোকৰ অভিযোগ ভিত্তিত কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে উক্ত নদীৰ পৰা নাঁওসহ চাউলখিনি জব্দ কৰাৰ লগতে নাঁৱৰীয়া ক্ৰমে¸ নুৰ হাফেজ(২৮) আৰু মিজানুৰ আলী(২০) নামৰ দুই ভাই ককায়েকক আটক কৰে।ইপিনে কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে এই ঘটনা সন্ধৰ্ভত ৰহস্য জনক ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকে সাংবাদিকৰ আগত অভিযোগ কৰা মতে- কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ লগত চোৰাং চাউল বেপাৰীৰ গোপন বুজাবুজি থকাৰ ফলত জব্ধ হোৱা চোৰাং চাউলৰ লগত জড়িত কোনো এগৰাকী লোকক আটক নকৰি কোনো মতে নাঁওচলাই পৰিয়ালক পোহপাল দিয়া নিৰীহ নাঁৱৰীয়া দুজনক জেল-হাজোতলৈ প্ৰেৰন কৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উক্ত জব্দ কৰা চোৰাং চাউল সন্দৰ্ভত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি ইয়াৰ লগত কোন গৰাকী চোৰাং ব্যৱসায়ী আৰু কোন খন সমবায় সমিতিৰ সভাপতি¸ সম্পাদক আৰু সুলভ মূল্যৰ দোকানী জড়িত হৈ আছে তাক উলিয়াই উচিত শাস্তি বিহিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close