অসম
বৰ্ণিহাটত বৰষুণৰ বাবে খহিল পথ

প্ৰথম খবৰ,সোণাপুৰ: নেৰানেপেৰা বৰষুণৰ ফলত বাৰ্নিহাটত খহিল পথ। কালিৰ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল প্লাৱিত হয়। সমান্তমৰালকৈ মহানগৰীৰ কাষৰীয়া অঞ্চল বাৰ্নিহাটতো আজি দেখা যায় যোৱাকালি বৰষুণৰ প্ৰভাৱ। আজি বাৰ্নিহাট-উমত্ৰু সংযোগী গড়কপ্তানি পথ খহি পৰাত পথৰ দুয়ো কাষে আবদ্ধ হৈ পৰে বহু বাহন। মেঘালয় প্ৰশাসনে জে চি বি লগাই পথ মুকলি কৰাত ব্যস্ত হৈ পৰিছে যদিও পথ সম্পূৰ্ণ ৰূপে মুকলি হবলৈ ১২ ঘণ্টাত কৈও অধিক সময়ৰ প্ৰয়োজন হব বুলি জানিব পৰা গৈছে ৷