অসম

ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা ভাৰত চীন সীমান্তৰ গেলমো গাঁৱত প্ৰাথমিক বিদ্যালয়ৰ স্থাপনা  

প্ৰথম খবৰ, চিলাপথাৰ: অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ লিমকিং চক্ৰ অন্তৰ্গত গেলেমো গাঁৱত প্ৰাথমিক বিদ্যালয় স্থাপন কৰি গাঁৱলৈ সুখৰ বতৰা শিক্ষাৰ পোহৰেৰে আনিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনাৰ এই পদক্ষেপৰ উদ্বোধনী অনুস্থানত উপস্থিত থাকে জিলাৰ উপায়ুক্ত। বিদ্যালয় খনৰ নাম স্বইমন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ আৰু অন্যান্য আৱশ্যকীয় সামগ্ৰী সমূহ বিতৰণ কৰে সেনা বাহিনীয়ে। প্ৰথম পৰ্যায়ত সেনা বাহিনীৰ দ্বাৰা পৰিচালিত হৈছে কিন্তু পৰৱৰ্তী সময়ত শিক্ষক নিযুক্তি চৰকাৰে কৰিব বুলি বক্তব্য ৰাখে উপায়ুক্তই । পাহাৰীয়া দুৰ্গম অঞ্চলত যাতায়তৰ ব্যৱস্থা নাই তেনে অঞ্চলৰ বাসিন্দাৰ জীৱনত শিক্ষাৰ পোহৰ অনাৰ কাৰণে গাঁৱৰ ৰাইজে সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close