অসম

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ৰুতিকটু মন্তব্য বিধায়ক ৰূপজ্যোতি কুর্মীৰ

প্ৰথম খবৰ,মৰিয়নি: “ভাৰতৰ প্ৰধানমন্ত্ৰী এজন ফাল্টু। এজন জধামূৰ্খ।” এই ভাষ্য  আমাৰ নহয় এই ভাষ্য মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। আজি বিয়লি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে মধ্যপ্ৰদেশৰ কৃষকৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদত ৰেল অৱৰোধ কাৰ্যসূচী হাতত লৈ এনে শ্ৰুতিকটু মন্তব্য দিয়ে। মধ্যপ্ৰদেশৰ কৃষক সকলৰ ওপৰত বিজেপি চৰকাৰে চলোৱা অত্যাচাৰৰ বিৰোধিতা কৰে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক কুৰ্মীয়ে। ৰূপজ্যোতিৰ উদ্যোগত যোৰহাট লোকসভা আৰু মৰিয়নি বিধানসভা সমষ্টিৰ এনএছইউআই আৰু যুৱ কংগ্ৰেছৰ সহযোগত মৰিয়নি জংচনত আজি বিয়লি ৰেল অৱৰোধ কাৰ্যসূচী হাতত লয়। প্ৰায় শতাধিক কংগ্ৰেছী কৰ্মকতাই মৰিয়নি জংচনত উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছ  ৰেলখন প্ৰায় এঘণ্টা সময় অৱৰোধ কৰে। অৱৰোধ স্থলীত বিজেপি চৰকাৰ মুর্দাবাদ সৰ্বানন্দ সোণোৱাল মুর্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী  আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকো তীক্ষ্ণ সমালোচনা কৰে। অৱৰোধস্থলীত পিচত মহকুমা আৰক্ষী প্ৰশাসন আৰু মৰিয়নি ৰাজহ চক্ৰ বিষয়া উপস্থিত হয়। প্ৰায় এঘণ্টা সময় অৱৰোধ কৰাৰ পাছত  বিধায়কগৰাকীয়ে মৰিয়নি ৰাজহ চক্ৰ বিষয়াৰ হাতত স্মাৰক প্ৰদান কৰি অৱৰোধ উঠাই লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close