অসম

ভাৰত বাংলা সীমান্তৰ সত্ৰশালত ৰথযাত্ৰা পালন

প্ৰথম খবৰ, আগমনি: সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৰ সত্ৰশালত শংকৰদেৱে স্থাপন কৰা ৰামৰাইকুঠী সত্ৰত আজি পয়ভৰে পালিত হয়। অসমৰ অইন কোনো সত্ৰত ৰথযাত্ৰা পালন কৰা নহয় যদিও ৰথযাত্ৰা ৰামৰাইকুঠী সত্ৰৰ অন্যতম পৰব। এই স্থানতে শংকৰদেৱৰ উপস্থিতিত শংকৰদেৱৰ ভাতিজী আই ভুৱনেশ্বৰীৰ লগত কোচৰজা নৰনাৰায়নৰ ভাতৃ চিলাৰায়ৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল। সেইসুত্ৰে কোচৰজা নৰনাৰায়নে পিতলৰ ৰথখন পিছলৈ সত্ৰত দান কৰিছিল। প্ৰতি বছৰে দেশৰ ভিতৰতে অদ্বিতীয় পিতলৰ ৰথখন দৰ্শন কৰিবলৈ অসম পশ্চিম বংগৰ পৰা আগমন হয় অসংখ্য জনতাৰ। এইবেলিও প্ৰখৰ ৰদ গৰমকো নেওচি অগনন ভক্তৰ আগমন হয়।  কাৰ্যসুচী মতে আজি পুৱা ৫ বজাত পুৱাৰ গীত আই সকলৰ নামপ্ৰসজ্ঞ বাপু সকলৰ নাম প্ৰসংজ্ঞ তিনি বজাত গায়ন বায়নে নাম কীৰ্তনেৰে জগন্নাথৰ বিগ্ৰহক ৰথত বহাই ৰছী লগাই ভক্তপ্ৰাণ ৰাইজ টানি কীৰ্তন ঘৰ প্ৰদৰ্শন কৰে।

Related Articles

Leave a Reply

Close