শেহতীয়া
Home / মহিলা / মই পৰী ডেকাই কৈছোঁ

মই পৰী ডেকাই কৈছোঁ

পৰী ডেকা

শৰীৰৰ মেদ মানে শৰীৰৰ চৰ্বিভাগক বুজোৱা হয়। পুৰুষ আৰু মহিলাৰ বিভিন্ন কাৰণত মেদ বৃদ্ধি পাব  পাৰে। প্ৰথমতে, মেদ বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল বংশগত। বংশগতভাৱে মেদ বৃদ্ধি হোৱাৰ পৰা সাধাৰণতে কোনো ব্যতিক্ৰম দেখা নাযায়। কিন্তু নিজৰ মানসিক বল আৰু শৰীৰ চৰ্চাৰে তাকো ৰোধ কৰিব পৰা যায়।

মেদ বৃদ্ধিৰ দ্বিতীয় কাৰণ হ’ল অতিৰিক্ত ভোজন। প্ৰয়োজনতকৈ মানুহে কেতিয়াও বেছি খাব নালাগে। মেদ বৃদ্ধিৰ তৃতীয়টো কাৰণ বুলিলে ক’ব পৰা যায় যে অতি এলেহুৱা জীৱন-যাপন।

কিছুমান মানুহে কোনো ধৰনৰ শাৰীৰিক পৰিশ্ৰম কৰিব নিবিচাৰে। এজন মানুহে নিয়ম অনুসৰি ছয় ঘণ্টাৰপৰা আঠ ঘণ্টা শুলেই যথেষ্ট।

ব্যস্ত জীৱনৰ লগত কেনেকৈ নিজকে এক সু্স্থ শৰীৰ অংশীদাৰ কৰি তুলিব পাৰি?

  1. পানী বেছিকৈ খাওক। পানীৰ পৰিমাণ শৰীৰত কমিলে দেহত তেজৰ পৰিমাণ কমে। ইয়াৰ ফলত আমাৰ মগজুতো প্ৰভাৱ দেখা যায়, মগজুৰ কাৰ্যক্ষমতা কমি যায়। সেয়ে দৈনিক সাত-আঠ গিলাচকৈ পানী খাওক।
  2. ব্যায়াম নতুবা আসন কৰাৰ অভ্যাস কৰক। কোনো  অভিজ্ঞজনৰ ওচৰত ব্যায়াম নাইবা আসন কৰিবলৈ শিকি লওক। নিয়মিত ব্যায়ামৰ ফলত আপোনাৰ শৰীৰ বিকষিত হোৱাৰ লগতে শৰীৰৰ মাংসপেশীসমূহ মজবুট হ’ব আৰু শৰীৰৰ অলাগতিয়াল চৰ্বিও আঁতৰিব। লগতে মুখমণ্ডলো জিলিকি উঠিব।
  3. খোৱা-বোৱাৰ প্ৰতি সদায় ধ্যান দিয়ক। আজিকালি সাধাৰণতে দেখা যায় বাহিৰৰ খোৱা বস্তুৰ প্ৰতি লোভটো বেছি। কিন্তু সেইবোৰ বস্তুৰ পৰিৱৰ্তে পুষ্টিকৰ খাদ্য ঘৰতে তৈয়াৰ কৰি খাবলৈ অভ্যাস কৰিব লাগে।
  4. শৰীৰ আৰু মনক অৱসাদগ্ৰস্ত কৰা ঔষধ বা তেনেকুৱা ধৰণৰ খুব কম সময়তে শৰীৰৰ ওজন বৃদ্ধি কৰা (suppliment) সেৱনৰ পৰা বিৰত থাকক। কিয়নো, সেই সেৱনৰ পৰা হ’ব পাৰে শৰীৰত ভয়ানক বেমাৰ, হয়তো শৰীৰৰ অংগসমূহৰ কাৰ্যক্ষমতা এটা সময়ত কমি যাব পাৰে। গতিকে শৰীৰৰ ক্ষয়খিনি উপযুক্ত আহাৰে পূৰ কৰক।

এতিয়া আহিছো, মোৰ ব্যস্ততাৰ জীৱনৰ লগতে পঢ়া-শুনা মাজতো মই এক সু্স্থ শৰীৰ যত্ন লোৱাৰ কথা লৈ, এগৰাকী যুৱতী হিচাপে মই সৰুৰে পৰা যোগ আসনৰ প্ৰতি অভিৰুচি আছিল।

দশম শ্ৰেণীৰ পৰাই জিমলৈ (gym) যাবলৈ আৰম্ভ কৰিছিলো আৰু এতিয়া পৰ্যন্তলৈ গৈ আছোঁ। সেয়ে মই পুৱা সোনকালে উঠি যোগ কৰি উঠি ক্ষন্তেক পিছত ১ লিটাৰ পানী খাওঁ। তাৰ পিছত মোৰ ৰাতিপুৱা খাদ্য হিচাপে মই সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰোঁ। যেনে- ফলহাৰ, গাখীৰ, ওটছ, অমলেট। তদুপৰি দুপৰীয়া ভাগত কেঁচা মগু আহাৰৰ লগত ছালাড বেছিকৈ খাওঁ। আকৌ ৰাতি খুব পাতল আহাৰ গ্ৰহণ কৰোঁ। অতি মচলাযুক্ত তেলেতীয়া খাদ্য মই পছন্দ নকৰোঁ। বাহিৰৰ খাদ্য খুব কমাই খাওঁ। আবেলি আজৰি পৰত মই দুঘণ্টাৰ বাবে জিমলৈ যাওঁ।

One comment

  1. Excellent write up

Leave a Reply

Your email address will not be published. Required fields are marked *

*