অসমশীৰ্ষ

মাজুলীৰ এক হৃদয় বিদাৰক ঘটনা: দুয়োটা বৃক্ক বিকল হৈ পৰা পুত্ৰক পিতৃয়ে দান কৰিবলৈ ওলাইছে বৃক্ক

নিউজ ডেস্ক, প্ৰথম খবৰ: পুত্ৰক পুনৰ জনম দিবলৈ ওলাইছে এজন পিতৃয়ে। নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি জীৱনৰ বাকীছোৱা সময় অনিশ্চয়তাৰ মাজেৰে পাৰ কৰিব লগা হলেও কোনো খেদ নাই ৫৪ বছৰীয়া পিতৃৰ। ৰ’দে-বৰষুণে পকা কামৰ যোগালী কৰি পৰিয়ালটো পোহ পাল দি অহা দেউতাকৰ কষ্ট সহিব নোৱাৰি এদিন কাম বিচাৰি বহিঃৰাজ্যলৈ গৈছিল তেওৰ পুত্ৰ। তাতেই অসুস্থ হৈ পৰিছিল ল’ৰাটো। নিজে গোটোৱা পইচাকেইটাৰ লগতে তাতে কাম কৰি থকা অসমৰে বন্ধুকেইজনে সহায় কৰা পইচাৰে চিকিৎসা কৰি শেষত অৰ্থৰ অভাৱত অসমলৈ লৈ আহিবলৈ বাধ্য হ’ল লৰাজন।

এই ঘটনা মাজুলীৰ কঢ়াল গাঁৱৰ। পিতৃ ঠগী শইকীয়াৰ পুত্ৰ মনোজ শইকীয়াৰ এতিয়া দুয়োটা বৃক্কই বিকল হৈ পৰিছে। পৰিয়ালৰ লোকে ঘৰৰ খেতি মাটি , গছ বিক্ৰী কৰি GMCH ত চিকিৎসা কৰি আনৰ পৰা বৃক্ক লব পৰা পৰ্যায়ত উপনীত কৰোৱালেহি। সকলোতকৈ ডাঙৰ কথা, মানৱ সমাজত পুনৰবাৰ পিতা-পুত্ৰ ৰ সম্পৰ্কৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰি দেউতাকেই এটা বৃক্ক দিবৰ বাবে প্ৰায়বোৰ পৰীক্ষাই সম্পন্ন কৰিলে।

কিন্তু শেষৰ দুটা পৰীক্ষাৰ বাবে পৰিয়ালটোক এতিয়া প্ৰয়োজন ৪৬ হাজাৰ টকাৰ। মনোজৰ প্ৰয়োজনীয় সহায়খিনি কৰি বাকীবোৰ সদস্যই সি নেদেখাকৈ উচুপি-উচুপি কন্দাৰ বাহিৰে অন্য একো উপায় বিচাৰি পোৱা নাই। ইফালে চিকিৎসকে জুন মাহৰ ভিতৰতে কিডনী সংস্থাপনৰ অস্ত্ৰোপচাৰ কৰাবলৈ পৰামৰ্শ দিছিল যদিও অৰ্থৰ অভাৱতে একোৱেই কৰিব নোৱাৰি বৰ্তমান মাজুলীৰ ঘৰতে আছেহি মনোজ।

পৰিয়ালটোৱে এই সন্দৰ্ভত সহায় বিচাৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো আবেদন জনাইছে যদিও এই পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই। নিজৰ জীৱন বিপন্ন কৰিও পুত্ৰক ৰক্ষাৰ বাবে আগবঢ়া পিতৃয়ে এতিয়া ৰাইজক কৰযোৰে গোহাৰি জনাইছে- অকনমান সহায় বিচাৰি। ৰাইজলৈ আগবঢ়াইছে A/C 1320010426329, IFSC Code UTBIOBNAH12 নম্বৰৰ বেংক একাউন্ট । ফোন নং ৭৩৯৯৫৪৭৫৬৯।

Related Articles

Leave a Reply

Close