অসম

মাজুলীৰ যুৱকে নিজ প্ৰতিভাৰে সাজিছে দ্ৰোণ

মাজুলীৰ পৰা ৰিদিপ বৰা: পাইলট অবিহনে উৰাজাহাজ উৰিছে মাজুলীৰ আকাশত। উৰাজাহাজ চাবলৈ মানুহে কৰিছেহি ভিৰ। মাজুলীৰ উপায়ুক্তও আহিছে এই উৰাজাহাজ চাবলৈ। মাজুলীৰ এটা অখ্যাত অঞ্চলৰ এজন মেধাৱী ছাত্ৰই নিজ প্ৰতিভাৰে সাজি উলিয়াছে অত্যাধুনিক ড্ৰোন। মাজুলী পকাজৰা গাওঁ পঞ্চায়তৰ পমুৱা গাঁৱৰ যাদৱ টায়ে নামৰ ছাত্ৰজনে নিজৰ কাৰিকৰী প্ৰতিভাৰে সাজি উলিয়াছে এখন অত্যাধুনিক ড্ৰোন। উল্লেখযোগ্য যে যোৱাকালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মধ্যমাজুলী কেশৱৰাম বৰা হাইস্কুলৰ পৰা ৬টা বিষয়তে লেটাৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে যাদৱ। আৰু এতিয়া যাদৱে নিৰ্মাণ কৰা ড্ৰোন সেই খ্যাতিৰেই আকাশমাৰ্গত উৰিবলৈ সক্ষম হৈছে। ভাল খবৰ এই যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক শিশু বিজ্ঞান সমাৰোহলৈ যাদৱ আমন্ত্ৰিত হৈছে। কাৰিকৰী কৌশলৰে সমৃদ্ধিৱান যাদৱে বৈজ্ঞানিক দিশত বহু আগুৱাই যাৱলৈ সক্ষম হৈছে। অলেখ বৈজ্ঞানিক কাৰিকৰী কলা-কৌশল প্ৰদৰ্শন কৰিব পৰা যাদৱ টায়েৰ বাবে আকাশমাৰ্গত ড্ৰোন উৰুৱাতো এক সাধাৰণ কাম।

Related Articles

Leave a Reply

Close