অসম

মানৱদৰদী লোকৰ পৰা সহায়ৰ ভিক্ষা মাজুলীৰ হেমন্ত সৰকাৰৰ

প্ৰথম খবৰ,মাজুলী: নামনি মাজুলীৰ বালিচাপৰিৰৰ অতিকে মেধাসম্পন্ন, অমায়িক স্বভাৱৰ দৰিদ্ৰ পাৰিয়ালৰ সন্তান হেমন্ত চৰকাৰ। ২০১০ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ হেমন্ত বৰ্তমান যোৰহাট আই টি আইত অধ্যয়ণৰত। কিন্তু বিগত ২ বছৰে হেমন্তই আঁঠুৰ বিষত ভুগি আছে হেমন্ত ৷ যোৰহাট মেডিকেল কলেজৰ এম আৰ আই ৰিপোৰ্ট মতে হেমন্ত আক্ৰান্ত হৈছে হাড়ৰ কৰ্কট ৰোগত। চিকিৎসকে তৎকালীনভাৱে গুৱাহাটী মেডিকেল কলেজ বা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱাৰ পৰামৰ্শ দিছে যদিও হেমন্তৰ পিতৃৰ হাতত অৰ্থৰ অভাৱ। পেছাত এগৰাকী মাছমৰীয়া হেমন্তৰ পিতৃ ভাগি পৰিছে। যদি কোনো মানৱদৰদী লোকে হেমন্তক সহায়ৰ হাত আগবঢ়াই হেমন্ত সুস্থ হৈ পুনৰ ঘূৰি আহিব। যদি কোনো লোকে হেমন্তক সহায় কৰিব খোজে তলৰ ঠিকনা যোগে পাৰিব।
A/C No-20349317026,
IFSC-SBI0005081
ফোন নং-7578016532

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close