অসমশীৰ্ষ

মাৰ্ঘেৰিটাত কেইবাটাও নতুন প্ৰকল্পৰে কয়লাৰ ব্যাপক মুক্ত খননৰ প্ৰস্তুতি: কি হ’ব জাতীয় সংগঠনৰ স্থিতি?

লিডুৰ পৰা ৰাণাজ্যোতি নেওগৰ প্ৰতিবেদন: ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ অন্তৰ্গত উজনি অসমৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন, টিপং, লেখাপানীৰ লগতে নাহৰকটীয়াৰ জয়পুৰত নতুন প্ৰকল্পৰে ব্যাপক হাৰত কয়লাৰ মুক্ত খনন চলোৱাৰ প্ৰস্ততি চলোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত লেখাপানী প্ৰকল্পৰ কাম প্ৰায় আগবঢ়া বুলি জানিব পৰা গৈছে। এই তথ্য সদৰী কৰিছে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক যুগল বৰাই। অলপতে প্ৰতিষ্ঠানটোৰ সভা কক্ষত অনুষ্ঠিত এখন সংবাদ মেলত বৰাই টিৰাপ আৰু টিককত চলি থকা কয়লৰ মুক্ত খনন প্ৰকল্প অধিক উৎপাদনক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে বাৰ্ষিক হিচাপত জাগুনত ৫ লক্ষ, টিপঙত ১০ লক্ষ, লেখাপানীত ২. ৫ লক্ষ, টিৰাপত ৬ লক্ষ, টিককত ১০ লক্ষ, আৰু জয়পুৰত ১.৫ লক্ষ টন অৰ্থাৎ মুঠ ৩৫ লক্ষ টন কয়লা উৎপাদনৰ লক্ষ্য কৰি লোৱা হৈছে বুলি সদৰী কৰে। মুখ্যত: লেখাপানীৰ ৬৬০ মেগাৱাটৰ প্ৰস্তাৱিত কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কয়লাৰ চাহিদা পূৰণৰ বাবেই এইদৰে কয়লা উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি সংবাদ মেলত প্ৰকাশ কৰে মহা প্ৰৱন্ধক বৰাই। উল্লেখযোগ্য যে, ২০০৮ চনত কংগ্ৰেছ চৰকাৰৰ শাসন কালত তদনানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে এই তাপ বিদ্যুত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰে এই প্ৰকল্পৰ বাবে লেখাপানীৰ শালিকীবস্তিত ২ হাজাৰ বিঘা ভূমি আৱন্টন দিছিল। কিন্ত নিজ শাসন কালত এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব পৰা নোৱাৰিলে কংগ্ৰেছ চৰকাৰখনে। সেই সময়ৰ অসমৰ চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পৰ প্ৰয়োজনীয় কয়লা আৱন্টন নিদিলে কোনো পধ্যে এই তাপ বিদ্যুত প্ৰকল্প আৰম্ভ কৰিব পৰা নাযাব বুলি প্ৰকাশ কৰিছিল। পৰবৰ্ত্তী সময়ত কেন্দ্ৰত বিজেপি নেতৃত্বত চৰকাৰ গঠিত হোৱাৰ পাছত সেই সময়ৰ অসম চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈক কেন্দ্ৰীয় শক্তি মন্ত্ৰী পিযুষ গোৱালে প্ৰয়োজনীয় কয়লা আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত পুনৰ আশাৰ সঞ্চাৰ সৃষ্টি হৈছিল যদিওঁ সেইয়া হৈ নুঠিল। পৰৱৰ্তী সময়ত কেন্দ্ৰৰ লগতে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত ২০১৬ চনৰ ৪ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱিত তাপ বিদ্যুত প্ৰকল্পস্থলীত উপস্থিত হৈ এই প্ৰকল্প অতিশীঘ্ৰে আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আনকি উত্তৰ পূব কয়লা ক্ষেত্ৰত উৎপাদিত কয়লাত অধিক ছালফাৰ থকা হেতুকে তাপ বিদ্যুত প্ৰকল্পৰ বাবে সমস্যা থকাৰ কথা অৱতাৰণা কৰাত মুখ্যমন্ত্ৰী সোণোৱালে উন্নত প্ৰযুক্তিবিদ্যাৰে এই চালফাৰ যুক্ত কয়লা সংশোধিত কৰি ব্যৱহাৰ কৰা হব বুলি ঘোষণা কৰিছিল । কিন্তু গেৰুৱা দলটোৰ ৰাজ্য চৰকাৰ খনে এবছৰ আৰু কেন্দ্ৰীয় চৰকাৰে তিনিবছৰ সম্পূৰ্ণ কৰিলে যদিওঁ বৰ্তমান লৈকে এই তাপ বিদ্যুত প্ৰকল্পৰ কাম বিশেষ একো আগবঢ়া নাই । শেষতীয়াকৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী পিযুষ গোৱেলে কয়লা ভিত্তিক তাপ বিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো সিদ্ধান্ত নাই বুলি সদৰী কৰাৰ পাছত এই প্ৰকল্প আৰম্ভৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষ্য গুৰুত্বহীন হৈ পৰিছে। অৱশ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত বৰ্তমান লৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিওঁ কালি মাৰ্ঘেৰিটাৰ দিহিং গেষ্ট হাউচত অনুষ্ঠিত এক সংবাদ মেলত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই পূৰ্বৰ চৰকাৰৰ ভূলৰ বাবেহে প্ৰকল্পৰ কাম আগবঢ়া নাই বুলি মন্তব্য কৰি এই প্ৰকল্প হোৱাটো নিশ্চিত বুলি দাবী কৰিছে । সংবাদ মেলত তেওঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত এই প্ৰকল্পৰ কাম আগবঢ়া বুলি জানিবলৈ দি প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুত কৰি থকাৰ কথা জানিবলৈ দিয়ে । এই তাপ বিদ্যুত প্ৰকল্পৰ বাবে বছৰি প্ৰয়োজন হবলগীয়া ৩৫ লক্ষ টন কয়লাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কল ইণ্ডিয়াই লিডুৰ লগতে নতুন মাইনিং প্ৰকল্পৰে জাগুন, টিপং, লেখাপানী, জয়পুৰ আদিত কয়লাৰ মুক্ত খনন চলোৱাৰ প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দি সাংবাদিকে ইয়াৰ ফলত সমগ্র মহকুমাত হব লগীয়া পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত স্থানীয় বিধায়ক হিচাপে স্থিতি কি বুলি জানিব বিচৰাত তেওঁ মুখ্যমন্ত্ৰী সোণোৱালে সৰ্বসাধাৰণ ৰাইজৰ ক্ষতি হব লগীয়া কোনো কাম নকৰে বুলি কয় ৷ গুৰুত্বপূৰ্ণ কথা এই যে, তাপ বিদ্যুত প্ৰকল্প আৰম্ভ হলে বৃহত্তৰ অঞ্চলটোৰ অৰ্থনীতিত সু-প্ৰভাৱ পৰিব আৰু ৰাজ্যৰ বিদ্যুত চাহিদা যথেষ্ট পূৰণ কৰিব যদিওঁ পাৰিপাশ্বিৰ্কতা, প্ৰাকৃতিক ভাৰসাম্য আৰু জৈৱ বৈচিত্ৰৰ বাবে চৰম ক্ষতিকাৰক কয়লাৰ মুক্ত খননৰ বিস্তৃতিয়ে সমগ্র মহকুমাটোলৈ যে অশনি সংকেট কঢ়িয়াই আনিব সেইয়া নিশ্চিত। যিহেেতু ১৯৮০-৮২ চনৰ পৰা অধিক আৰু ক্ষীপ্ত গতিত কয়লা আহৰণৰ বাবে উত্তৰ পূব কয়লা ক্ষেত্ৰই লিডুৰ টিৰাপ টিকক আৰু লিডু কলিয়ৰীৰ অন্তৰ্গত অঞ্চলত অব্যাহত ৰখা মুক্ত খননৰ বাবে স্থানীয় ৰাইজ কিদৰে প্ৰদূষণৰ বিষবাস্পৰে সহবাস কৰি আহিব লগা হৈছে সেইয়া সৰ্বজনবিদীত । অন্যহাতে কেন্দ্ৰীয় শক্তি মন্ত্ৰী পিযুষ গোৱেলে এক প্ৰকাৰেৰে লেখাপানীৰ তাপ বিদ্যুত প্ৰকল্পৰ সম্ভাৱনীয়তা নাকচ কৰাৰ পাছত প্ৰতিবাদ মুখৰ হৈ উঠা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে কেইবাখনো সংৰক্ষিত বনাঞ্চলত থকা কয়লাৰ ভাণ্ডাৰ এই প্ৰকল্পৰ বাবে আহৰণৰ নামত চলাবলৈ যো-জা চলোৱা মুক্ত খননৰ সন্দৰ্ভত স্থিতি কি হব সেইয়াহে লক্ষ্যণীয় হব। কয়লাৰ মুক্ত খননৰ সদায় বিৰোধিতা কৰি অহা সংগঠনসমূহে তাপ বিদ্যুত প্ৰকল্পৰ স্বাৰ্থত স্থিতি সলনি কৰিব নেকি বুলিও প্ৰকৃতি প্ৰেমী সকলৰ মাজত চৰ্চা হৈছে । গুৰুত্বপূৰ্ণ কথা – অন্ত খনন পদ্ধতিৰে কয়লা আহৰণ কৰিলে প্ৰাকৃতিক ভাৰসাম্য আৰু পাৰিপাশ্বিকতাৰ ওপৰত কু প্ৰভাৱ নপৰে যদিওঁ কল কৰ্তৃপক্ষই এই বিজ্ঞান সন্মত পদ্ধতিৰে কয়লা আহৰণৰ আগ্ৰহী নহয় । কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰ গতিত কয়লা আহৰণৰ বাবেই যে নীতিবৰ্হিভূত ভাৱে সেউজ ভূমি মৰুভূমি কৰি মুক্ত খনন পদ্ধতি চলাই যাব বিচাৰিছে সহজেই অনুমেয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close