অসম
মুকালমুৱাৰ মেধাৱী ছাত্ৰ নুৰুলক এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা বিধায়ক নাৰায়ন ডেকাৰ

প্ৰথম খবৰ,মুকালমুৱা: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ২য় স্থান দখল কৰা মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাবী ছাত্ৰ নুৰুল হ’ক আলীক বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক নাৰায়ন ডেকাই এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷ আজি ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক নাৰায়ন ডেকাই কৃতি ছাত্ৰ জনক সম্বৰ্ধনা জ্ঞাপন কৰি ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৷ বিদ্যালয়খনৰ অধ্যক্ষ সুদৰ্শন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয় খনৰ আন দুজন মেধাৱী ছাত্ৰ আৰু ছাত্ৰীক সম্বৰ্ধনা জনায় বিধায়ক নাৰায়ন ডেকাই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে সাফল্য অৰ্জন কৰি বৃহত্বৰ মুকালমুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা তিনিওজন মেধাবী ছাত্ৰ-ছাত্ৰীক বিদ্যালয় খনৰ কৰ্তৃপক্ষইও বিশেষ সম্বৰ্ধনা জনায় ৷ বিদ্যালয়খনৰ আন দুজন মেধাবী ছাত্ৰ-ছাত্ৰী ক্ৰমে ধৃতিজিত মেধী ৮৯.৪৩ % আৰু নিলোফাৰ ইয়াছমিন ৯২.২৩ % ৷