অসম

মুছলপুৰত স্বাস্থ্য বিভাগৰ ডায়েৰীয়া সজাগতা সভা

প্ৰথম খবৰ,মুছলপুৰ: বাক্সা জিলাৰ মুছলপুৰ মহকুমা স্বাস্থ্য বিভাগৰ অন্তৰ্গত চৰাইমাৰীত অনুস্থিত হয় এখন ডায়েৰীয়া সজাগতা সভা ৷ সজাগতা সভাৰ জৰিয়তে অঞ্চলটোৰ শিশু সকলক কেনেকৈ ডায়েৰীয়া ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি সেই বিষয়ে ৰাইজক অবগত কৰে জিলা স্বাস্থ্য যুটীয়া সঞ্চালকে ৷ জুন- জুলাই মাহত সাধাৰনতে শিশু সকল বেছিকৈ ডায়েৰীয়া ৰোগত আক্ৰান্ত হয় বুলি উল্লেখ কৰি শিশুক খাদ্য বস্তু সাবধানে খুৱাব লাগে বুলি মন্তব্য কৰে স্বাস্থ্য বিষয়াই ৷ এই সভাত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক মহিলা উপস্থিত থকাৰ লগতে স্বাস্থ্য বিভাগৰ কেবা গৰাকীও বিষয়াই অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close