অসম

মেলামৰা জুনিয়ৰ কলেজৰ সপ্তধাৰা কাৰ্য্যসূচী সফল ৰূপায়ণ

প্ৰথম খবৰ, খুমটাই : অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, শৈক্ষিক, আধ্যাত্মিক বিকাশৰ উদ্দেশ্যেৰে সপ্তধাৰা কাৰ্য্যসূচী ৰূপায়নৰ এক আচঁনি গ্ৰহণ কৰিছে। এই আচঁনিৰ লগত সংগতি ৰাখি মেলামৰা জুনিয়ৰ কলেজত এক যোগ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় ।এই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে যোগ শিক্ষা মহিলাসহ ৰাজ্যিক প্ৰভাৰী শ্ৰীযুতা সেউজী বৰুৱাই উপস্থিত থাকি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী মাজত যোগ প্ৰশিক্ষণ প্ৰদান কৰে। সপ্তধাৰা যোগ আৰু চিত্ৰকলা বিভাগৰ তত্বাবধায়ক তথা মেলামৰা জুনিয়ৰ কলেজৰ প্ৰৱক্তা কুমুদ বৰাই আঁত ধৰা অনুষ্ঠাটিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে কলেজ খনৰ অধ্যক্ষ অজিত কুমাৰ শইকীয়াই। মেলামৰা জুনিয়ৰ কলেজৰ এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজৰ লগতে অভিভাৱক সকলে শলাগ লৈছে ।

Related Articles

Leave a Reply

Close