অসম

মেৰাপানীত অজগৰ উদ্ধাৰ

প্ৰথম খবৰ মেৰাপানী: মেৰাপানীৰ কদমগুৰিত সোমবাৰে উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। প্ৰায় ১৮ ফুট দৈঘ্যৰ অজগৰটোৱে এটা ছাগলী ভক্ষণ কৰি থকা মুহুৰ্ততে স্থানীয় লোকে উদ্ধাৰ কৰে । চুবুৰীয়া নগাপাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড অজগৰটোৱে স্থানীয় নাগপুৰ গাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ পাছফালে এটা পোহনীয়া ছাগলী ভক্ষণ কৰি থকা মুহুৰ্ততে স্থানীয় লোকৰ দৃষ্টিগোচৰ হয় । অৱশ্যে ছাগলীটোৰ গৰাকী কলিয়া গড়ে ততাতৈয়াকৈ মৃত ছাগলীটো অজগৰটোৰ মুখৰ পৰা উলিয়াই আনে। শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত অজগৰটোৰ উদ্ধাৰৰ তথ্য স্থানীয় লোকে লগে লগে বনবিভাগক দিয়ে যদিও বহু পৰলৈকে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত ন’হল। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে অজগৰটোৰ মৃত্যু একপ্ৰকাৰ নিশ্চিত ।

 

Related Articles

Leave a Reply

Close