অসম

মেৰাপানীত নগাই আক্ৰমণ কৰিলে অসমীয়া কৃষকক

প্ৰথম খবৰ,মেৰাপানী: মেৰাপানীত নগাই এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসমীয়া কৃষকক । শনিবাৰে দিনদুপৰতে পথাৰত কাম কৰি থকা অৱস্থাত মেৰাপানীৰ ১২ নং ক’লাজানত নগা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে এজন সত্তৰ বছৰীয়া কৃষকক । চন্দ্ৰ আহোম নামৰ বৃদ্ধ কৃষকজনে নিজৰ খেতিপথাৰত পানী খুলিবলৈ যোৱাৰ মহুৰ্ততে কাষৰিয়া নগাবস্তিৰ পৰা অহা দুটা নগা দুৰ্বৃত্তই হাতত বন্দুক আৰু দা যাঁঠি লৈ অনাহকত আক্ৰমণ কৰিবলৈ খেদি আহে । উপায়ন্তৰ কৃষক জনে প্ৰাণৰ মমতাত কাষৰে এটা ঘৰত আশ্ৰয় গ্ৰহণ কৰে যদিও দুৰ্বৃত্ত দুটাই ঘৰটোৰ ভিতৰতে কৃষক জনক যাঁঠিৰে আক্ৰমণ কৰে । ফলত কৃষকজনৰ বাঁওহাতৰ কেইবাঠাইতো যাঁঠিৰ খোচ পৰাত তেজেৰে তুমুৰুলি হৈ পৰে । অৱশ্যে তাৰ পাছতে দোয়োটা নগা দুৰ্বৃত্তই সেই স্থান পৰিত্যাগ কৰে । পাছত পৰিয়ালৰ লোকে ৰক্তাক্ত কৃষকজনক মেৰাপানী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে । চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত আঘাত গুৰুতৰ হোৱালৈ চাই কৃষকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰলৈ প্ৰেৰণ কৰে ।

 

Related Articles

Leave a Reply

Close