অসম

মৈৰাবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সভা

প্ৰথম খবৰ,মৈৰাবাৰী: আজি মৈৰাবাৰী থানা চৌহদত থানাখনৰ পৰিচালনা কমিটিৰ সভাপতি নুৰুল ইছলাম মুক্তাৰৰ সভাপতিত্বত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়। সজাগতা সভাটোত উপস্থিত থকা বক্তাসকলে অঞ্চলটোত প্ৰচলন থকা নিচাজাতীয় সামগ্ৰী সমূহৰ সৰবৰাহৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আবকাৰী বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে। বৰথল দলৈগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক উপস্থিত থকা সজাগতা সভাটোত মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুতফুৰ ৰহমান, থানাখনৰ এলেকাধীন গাঁওৰক্ষী বাহিনীসমূহৰ কৰ্মকৰ্তাসকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।

Related Articles

Leave a Reply

Close