অসম

মৰাণত ঈদ উল ফিটৰ পালন

প্ৰথম খবৰ,মৰাণ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণতো আজি ইছলাম ধৰ্মাৱলীলোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিটৰ।মৰাণৰ জামে মছজিদৰ প্ৰাঙ্গণত প্ৰতিকুল বতৰকো নেওচি সৰু-বৰ, ধনী-দুখীয়া সকলো মিলি বিশ্বৰ শান্তি বাবে আল্লাৰ ওচৰত সমূহীয়া নামাজ পঢ়ে। বিশ্বৰ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰখা বাবে ইছলাম ধৰ্মাৱলীলোকসকলে পবিত্ৰ ৰমজান মাহটো ৰোজাৰ ৰখা অন্তত পশ্চিম আকাশত কাঁচি জোন দেখাত ৰোজাৰ সামৰি পবিত্ৰ ঈদ-উল-ফিটৰ পালন কৰিছে ।

Related Articles

Leave a Reply

Close