অসমশীৰ্ষ

মৰাণত দুধৰ্ষ গৰু চোৰ ধৃত: ৰাইজৰ প্ৰহাৰত মুমুৰ্ষ ৩ গৰুচোৰ

প্ৰথম খবৰ,মৰাণ: মৰাণৰ খোৱাং বেতনি মাজগাঁৱত পুৱতি নিশা উতপ্ত পৰিস্থিতি ৷ ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে তিনি গৰুচোৰক ৷ ক্ষুদ্ধ ৰাইজৰ প্ৰহাৰত ধাৰাসায়ী গৰুচোৰ ৷ জ্বলালে চোৰে অনা বলেৰ’ পিকআপ ৷ দুখন মটৰচাইকেল, ২০ টাৰো অধিক গৰু উদ্ধাৰ ৷ দীৰ্ঘদিন ধৰি মৰাণৰ সমীপৰ খোৱাং বেতনি, কলৌলোৱা, বেতনি মাজগাঁও, বুঢ়ীখোৱাং, তিনঠেঙীয়া আদি অঞ্চলক গৰু চোৰে একপ্ৰকাৰৰ সন্ত্ৰাস চলাই অহাৰ সময়তে আজি পুৱতি নিশা ৰাইজে কৰায়ত্ব কৰে গৰু চোৰৰ দলটো ৷ নিশা প্ৰায় ডেৰ বজাত খোৱাং কলৌলোৱাত এএচ-১৩-চি- ৫৯৭৯ নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত গৰু অনা প্ৰত্যক্ষ কৰি ৰাইজে ৰখাবলৈ চেষ্টা কৰে ৷ কিন্তু গাড়ীখন তীব্ৰবেগেৰে পলায়ন কৰাত স্থানীয় একাংশ ৰাইজে খেদি খেদি বেতনি মাজগাঁৱত গাড়ীসহ কৰায়ত্ব কৰে চোৰকেইটাক ৷ লগে লগে বেতনি মাজগাঁৱত উপস্থিত হোৱা সহস্ৰাধিক ৰাইজৰ গণপ্ৰহাৰত ধাৰাসায়ী হৈ পৰে চোৰ তিনিটা ৷ কিছুসময়ৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা খোৱাং আৰক্ষীয়ে মুৰ্মুষ অৱস্থাত চোৰকেইটাক উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ চোৰকেইটা দৰং জিলাৰ আমিনপাৰাৰ জামালুদ্দিন আলি(৩০), খাৰুপেটীয়াৰ থানপট্টীৰ ৰাজু আলি(২৫) আৰু দৰঙৰ চিধাখোৱা গাঁৱৰ আব্দুল ৰহিম(২২) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ পাছতে ক্ষুদ্ধ ৰাইজে চুৰিকাৰ্যত ব্যৱহৃত বলেৰ’ পিকআপখন জ্বলাই দিয়ে ৷ অন্যহাতে ৰাইজৰ সহযোগত আৰক্ষীয়ে ঘটনাস্থলীৰ কিছুদূৰত হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাত এ এচ ০৬ জে- ৮৩৭৮ আৰু এএচ ২৩ কিউ- ৬৪০৯ নম্বৰৰ দুখন মটৰচাইকেলৰ লগতে অন্য ১৭ টা চুৰি গৰু উদ্ধাৰ কৰে ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজে গৰু চুৰিত জড়িত গোটেই চক্ৰটো উৎখাতৰ বাবে আৰক্ষীক দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close