অসম

মৰাণত দুদিনীয়া কাৰ্যসূচীৰে খিলঞ্জীয়াৰ-আদিবাসী-ভুমিপুত্ৰৰ দ্বিতীয় মহাসন্মিলন 

প্ৰথম খবৰ,মৰান:“খিলঞ্জীয়াৰ ঐক্যহে অসম দেশ ৰক্ষা কৰিব অসমৰ বিধান সভাত বহিঃৰাজ্য লোকে দপদপাই ফুৰিছে”- মতিউৰ ৰহমান, কাৰ্যকৰী সভাপতি অসম সন্মিলিত মহাসংঘ। আজিৰপৰা মৰাণত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে খিলঞ্জীয়া- আদিবাসী-ভূমিপুত্ৰৰ দ্বিতীয় মহাসন্মিলন । আজি মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানত ৰজা গদাধৰ সিংহ সোঁৱৰণী মঞ্চত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত এই মন্তব্য মতিউৰ ৰহমানৰ। উদ্বোধনী অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নেতাই অংশ গ্ৰহণ কৰিছে। অসম সন্মিলিত মহাসংঘৰ উদ্যোগত, সদৌ অসম আহোম সভা আৰু সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা এই মহাসন্মিলনৰ প্ৰতিনিধি সভাত খিলঞ্জীয়াৰ সকলৰ স্বাৰ্থত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও কয় মতিউৰ ৰহমানে ।

 

Related Articles

Leave a Reply

Close