অসম

মৰাণত বৃদ্ধ নিৰুদ্দেশ

প্ৰথম খবৰ, মৰাণ: ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পথালিবাম পানীতোলা গাঁৱৰ নিবাসী যোগেশ্বৰ গগৈ(৬৭)যোৱা ৮ জুনৰ পৰা নিৰুৰ্দ্দেশ হৈ আছে । বৃদ্ধলোকজন ডিব্ৰুগড় এ এম চি হস্পিতালত চিকিৎসাৰ বাবে নিছিল যদিও চিকিৎসালয়খনৰ পৰা নিৰুৰ্দ্দেশ হোৱা কাৰ্যই সকলোকে আশ্বাম্বিত কৰিছে। পৰিয়ালৰলোকে ঘটনাৰ সন্দৰ্ভত বৰবাৰী আৰক্ষী চকী আৰু ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে । প্ৰায় পাঁচ ফুট তিনি ইঞ্চি ওখ, পিন্ধনত ধুটি-পাঞ্জাৱী পৰিহিত লোকজন চুলি পকা। কোনো সদাশয়লোকে সম্ভেদ পালে মৰাণ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰলোকে আহবান জনাইছে । মুখেৰে মাতিব নোৱাৰা বৃদ্ধলোকজনৰ সম্ভেদ দিয়া জনক পৰিয়ালৰলোকে দহ হাজাৰ টকা প্ৰদান কৰিব বুলি ঘোষনা কৰিছে ।

 

Related Articles

Leave a Reply

Close