অসম

মৰাণত মহাসংঘৰ সংবাদ মেল, অসমৰ শাসন ক্ষমতা ক্ৰমান্বয়ে অ-খিলঞ্জীয়াৰ তথা বিদেশী মূলৰ হাতলৈ যোৱা অভিযোগ মহাসন্মিলন

প্ৰথম খবৰ, মৰাণ: মৰাণত মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানত ২৪ আৰু ২৫ জুনত দুদিনীয়া কাৰ্যসূচীৰে খিলঞ্জীয়া-আদিবাসী-ভুমিপুত্ৰ দ্বিতীয় মহাসন্মিলন অনুষ্ঠিত হৈ যায়। উক্ত মহাসন্মিলনত প্ৰতিনিধিসকলৰ আলোচনা মৰ্মে ১৩ টা প্ৰস্তাৱ সৰ্ব-সন্মতি ক্ৰমে গ্ৰহণ কৰি আজি সংবাদ মেল যোগে ৰাজহুৱা কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে।সংবাদ মেলত অসম আহোম সভা সভাপতি সতীশ গগৈ, সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান ৰঙীন সোনোৱাল আয়োজক সমিতিৰ সভাপতি জ্ঞানানন্দ ফুকন আৰু যুটীয়া সম্পাদকদ্বয় ক্ৰমে ৰাকেশ গগৈ আৰু মৃদুপৱন লাহন উপস্থিত থাকে। মহাসন্মিলনে চুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত চলি থকা খিলঞ্জীয়াৰ সুৰক্ষা আৰু বিদেশী সমস্যা সম্পৰ্কীয় ৪ টা গোচৰৰ চূড়ান্ত ৰাইজৰ দেশৰ সংবিধানৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ সপক্ষে আহিব বুলি আশা প্ৰকাশ কৰে । যদি নাহে তেন্তে ভৱিষ্যতে অধিক সমস্যাৰ সন্মুখীন হ’ব সৰ্বোচ্চ ন্যায়ালয়ে বুলি কয়।

Related Articles

Leave a Reply

Close