অসম

মৰাণৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ কাৰ্যালয় আজি ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে

প্ৰথম খবৰ, মৰান: ছাত্ৰ মুক্তিৰ প্ৰতিবাদত উত্তাল মৰাণ মহাবিদ্যালয় ৷ অধ্যক্ষাৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ অধ্যক্ষাৰ স্বেচ্ছাচাৰিতাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৷ নামভৰ্তিৰ মাছুল বৃদ্ধি, ইউ জি চি-ৰ পুঁজি কেলেংকাৰীত জড়িতক ৰক্ষণাবেক্ষণৰ প্ৰতিবাদ ৷ উল্লেখ্য বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা ৭০ লক্ষাধিক পুঁজি অপব্যৱহাৰৰ অভিযোগত বিগত এটা বছৰে ব্লেক লিষ্টেট হৈ আছে মৰাণ মহাবিদ্যালয় ৷ ফলত বিগত এটা বছৰে সম্পূৰ্ণৰূপে মহাবিদ্যালয়খনৰ উন্নয়ণ স্থবিৰ হৈ পৰিছে ৷ কিন্তু ইউ জি চি-ৰ পুঁজি কেলেংকাৰীত জড়িতসকলৰ প্ৰতি মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীৰ মাছুল বৃদ্ধি কৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ ইতিমধ্যে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে হৰলুকি হোৱা ৭০ লক্ষাধিক টকা শীঘ্ৰে ঘূৰাই দিবলৈ মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ প্ৰদান কৰি থৈছে যদিও মহাবিদ্যালয় কৰ্তৃপক্ষই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে ৷ উক্ত বৃহৎ কেলেংকাৰীত মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষসহ কেইবাজনো কৰ্মচাৰী জড়িত থকাতো প্ৰমাণিত হোৱাৰ পাছতো মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষই আইনী ব্যৱস্থা গ্ৰহণ নকৰাত আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷

 

Related Articles

Leave a Reply

Close