অসম

যমুনামূখৰ প্ৰধান শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ দাবীত কামপুৰত উত্তাল প্ৰতিবাদ, হত্যাকাৰীক ফাঁচীৰ দাবী

প্ৰথম খবৰ, কামপুৰ: যমুনামূখত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক দুবৃত্তই বলাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদ আজিও অব্যাহত আছে। বুধবাৰে কামপুৰ আঞ্চলিক যুৱ সমাজৰ উদ্যোগত কামপুৰৰ বিভিন্ন দল সংগঠনে কামপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰীয়ে নৃশংস হত্যাক গৰিহণা দিয়াৰ লগতে নাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। আনহাতে মাত্র দুজন অপৰাধীক কৰায়ত্ত কৰিয়েই প্ৰশাসনে দায়িত্ব সামৰা বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰী সকলে কামপুৰ চহৰৰ মাজেৰে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰতিবাদী সমদল কৰি কামপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close