অসম

যমৰ যন্ত্ৰণাত ভূগিছে মৰিয়নীৰএটি দেৱ শিশুৱে

প্ৰথম খবৰ,মৰিয়নী: জীৱনক বুজি নোপোৱা এটি দেৱশিশুয়ে পাইছে জীয়াই থকাৰ যন্ত্ৰণা। কণমানি শৰীৰটোৱে সহ্য কৰিছে ডাক্তৰৰ অলেখ পৰীক্ষা নিৰীক্ষা লগতে কেম থেৰাপিৰ দৰে যন্ত্ৰণাদায়ক চিকিৎসা। পিতৃ মাতৃ অশেষ ত্যাগ আৰু কষ্টৰে কণমানি দেৱশিশুটিক পৃথিৱীত জীয়াই ৰখাৰ সংগ্ৰামত দিনে ৰাতিয়ে অতিবাহিত কৰিছে। যি চোতালত ঢপলিয়াই ফুৰাৰ পৰিবৰ্তে আশ্ৰয় লৈছে দেউতাকৰ কোলাত , শৰীৰত অশেষ যন্ত্ৰণা লৈ বহি আছে মনমাৰি।হাতত এটি বিস্কুট আছে কিন্তু খাবলৈ মন গলেও খাব নোৱাৰে অস্ত্ৰোপচাৰত ক্ষত বিক্ষত ডিঙিত  ওলমি আছে কৃত্ৰিম শ্বাস প্ৰশ্বাহৰ নলী। একোৱেই যেন স্বাভাৱিক নহয় শিশুটিৰ বাবে। মৰিয়নি অন্তৰ্গত নকছাৰি খাটিছুনা নিবাসী পদ্মেশ্বৰ শইকীয়া ৰ সৰু পুত্র এই শিশুটি। বৃত্তিত এজন দিন হাজিৰ কৰা এই ব্যক্তিজনে তথা পৰিয়ালটোৱে সাধ্য অনুযায়ী যত্ন কৰিছে শিশুটিক চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা কৰিবলৈ। দুৰাৰোগ্য কেঞ্চাৰ ৰোগে দুবছৰীয়া শিশুটিকে যেন খুলি খুলি খোৱা নাই সমস্ত পৰিয়ালটোক নিঃশেষ কৰি আনিব খুজিছে। স্থানীয় বিধায়ক ৰূপজ্যোতি কুর্মীৰ পৰা পোৱা দহ হাজাৰ টকাৰ বাহিৰে চৰকাৰী তথা বেচৰকাৰী কোনো উৎসৰ পৰা টকা পোৱা নাই।তেওঁলোকৰ দুৰ্ভাগ্য যে এই বিষয়ে কাক কব কি কৰিব একো নাজানে। ১৩টাকৈ কেম দি ইতিমধ্যে সৰ্বহাৰা তেওঁলোক ভগৱানৰ ওচৰত দিনে ৰাতিয়ে একটাই প্ৰাৰ্থনা সোনকালে সুস্থিৰ হওক তেওঁলোকৰ সন্তান। বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থালৈ  আমাৰ জৰিয়তে তেওঁলোকৰ আহ্বান এই আপদৰ দিনত কিঞ্চিত হলেও তেওঁলোকক সহায় কৰি কৃতাৰ্থ কৰে যেন।

Related Articles

Leave a Reply

Close