অসম

লংকাৰ কাকীত অবৈধ কাঠফলা মিলসহ চোৰাং কাঠ জব্দ

প্ৰথম খবৰ,লংকা: হোজাই জিলাৰ কাকী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লংকাৰ ২/৩ নং কাকী নামনি গাৱঁত বৃহস্পতিবাৰে বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল সহ, এখন ঘোৰা গাড়ী আৰু বহু মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, কাকী টঙীয়াৰ জীৱন দাস নামৰ কুখ্যাত চোৰাং কাঠ ব্যৱসায়ীয়ে ৰ্দীঘ দিন ধৰি এনেদৰে ঘৰৰ পিছফালে অবৈধ কাঠফলা মিল স্থাপন কৰি কাকী বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছিল। আজি কাকীৰে একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত এ.এচ .এফ আতিকুৰ ৰহমানৰ নেতৃত্বত বন বিভাগৰ এটি দলে অভিযান চলাই কাঠফলা মিল সহ এখন ঘোৰা গাড়ী আৰু চেগুন গছৰ কুণ্ডাৰ লগতে বহু মূল্যবান কাঠ জব্দ কৰে যদিও মিলত কৰ্মৰত শ্ৰমিক সকল পলাই যাবলৈ সক্ষম হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close