অসম

লক্ষীপুৰৰ তালতলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অনুপস্থিতিৰ বাবে উত্তেজনাময় পৰিস্থিতি

প্ৰথম খবৰ,লক্ষীপুৰ: এফালে গুণোৎসৱ অনুস্থিত কৰি শিক্ষা আৰু শিক্ষানুস্থানৰ মান উন্নত কৰাৰ কচৰৎ আৰম্ভ হৈছে আনফালে ছাত্ৰ অনুযায়ী শিক্ষক নথকাৰ ফলত ৰাজ্য চৰকাৰে যিমানেই নতুন পদক্ষেপ গ্ৰহণ নকৰক কিয় বুমেৰাঙত পৰিণত হ’ব বুলি অভিযোগ উত্থাপিত হৈছে।
গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তালতলা প্ৰাথমিক বিদ্যালয়ত ৩গৰাকী শিক্ষকৰ বিপৰীতে ১৩৫গৰাকী ছাত্ৰ ছাত্ৰী আছিল যদিও যোৱা ১৩ এপ্ৰিলত মেমো নং DEG/Ratio/LP/UP/Pt-।। /2016/1882/-89মতে ২১৬নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা নুৰ হুচেইন নামৰ শিক্ষক গৰাকীক নিজৰ ঘৰৰ কাষতে লাগি থকা তালতলা প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰে আৰু তালতলা প্ৰাথমিক বিদ্যালয়ৰ পৰা অসুস্থ বৃদ্ধা শিক্ষয়িত্ৰী ছেলিমা খাতুনক নিজ গৃহৰ কাষত থকা ২১৬ নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰণ কৰে। ইতিমধ্যে ছেলিমা খাতুনে যোৱা ২৮ এপ্ৰিলে উক্ত বিভাগীয় আদেশ মানি২১৬নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি নিজৰ কৰ্তব্য পালন কৰি আছে। অথচ নুৰ হুচেইন নামৰ যুৱ শিক্ষক গৰাকী বিভাগীয় আদেশ অৱমাননা কৰি অদ্যাপি তালতলা প্ৰাথমিক বিদ্যালয়ত যোগদান নকৰি দীৰ্ঘদিন অনুপস্থিত হৈ আছে। এই ক্ষেত্ৰত তালতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু ছায়েদে লক্ষীপুৰ শিক্ষা খণ্ড তিনি বাৰ অভিযোগ দিয়াৰ পাছতো সুফল নোপোৱাত “প্ৰথম খবৰ”ৰ আগত খেদ প্ৰকাশ কৰে আৰু কয় বৰ্তমান ২গৰাকীয়ে শিক্ষকে ৬টা শ্ৰেণীত পাঠদান কৰাটো এপাচি শাকত এটা জালুক হৈ পৰিছে। ২য় সাময়িক মূল্যায়ন সমাগত অথচ শিক্ষক বিহীন বিদ্যালয়খনত শিক্ষাৰ মান নিম্নগামী হৈছে। জানিব পৰা মতে যোগদান নকৰি নুৰ হুচেইন কি শক্তিৰ বলত ছুটি নোলোৱাকৈ কৰ্তব্যক আওঁকান কৰি থাকিব পাৰিলে সেয়া যেন লক্ষ্যণীয় বিষয় হৈ পৰিছে। বিভাগীয় কৰ্তৃপক্ষ আৰু নৱ নিযুক্ত উপায়ুক্তই এই ক্ষেত্ৰত নুৰ হুচেইন আৰু তালতলা প্ৰাথমিক বিদ্যালয়ৰ ফুল কুমলীয়া ছাত্ৰ- ছাত্ৰীৰ ক্ষেত্ৰত কি ভূমিকা লয় সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে।

Related Articles

Leave a Reply

Close