অসম

লখিমপুৰত এল্টো আৰু বলেৰো মাজত মুখামুখি সংঘৰ্ষ

প্ৰথম খবৰ ,নাওবৈচা: লখিমপুৰ জিলাৰ হাৰমতীৰ অভাৰব্ৰীজৰ ওপৰত এল্টো আৰু বলেৰো মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুজনলোক আহত হয়৷ প্ৰাপ্ত খবৰ মতে, নিৰজুলিৰ পৰা লালুক অভিমুখি আৰু লখিমপুৰ দিশৰ পৰা বান্দৰদোৱা দিশে গৈ থকা এল্টো আৰু বলেৰো গাড়ী দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এল্টো গাড়ীৰ দুই আৰোহী হাচিনুৰ জামালৰ সোঁ ভৰি খন ভঙাৰ লগতে শৰীৰৰ বিভিন্ন অংশত জখম হয় আৰু তেওঁৰে পৰিবাৰ ওঠখন চিঙি যায় ৷ লালুক আৰ্দশ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়উলৈ উন্নত চিকিৎসাৰ বাবে ১০৮ৰে ততাতিয়াকৈ প্ৰেৰণ কৰা হয় ৷

Related Articles

Leave a Reply

Close