অসম

লখিমপুৰৰ বৰ্ষীয়ান সমাজকৰ্মী ৰামচন্দ্ৰ বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তি

প্ৰথম খবৰ, লখিমপুৰ: কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত গানানিক তথা লখিমপুৰ নগৰৰ ৮ নং ৱাৰ্ডৰ শশী ফুকন পথৰ বাসিন্দা, বৰ্ষীয়ান সমাজকৰ্মী ৰামচন্দ্ৰ বেজবৰুৱাই আজি দুপৰীয়া ১২.৩০ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৬ বছৰ। ছাত্ৰাৱস্থাতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সহকাৰী সম্পাদকৰ দায়িত্ব লাভ কৰি সমাজসেৱাৰ ক্ষেত্ৰত মনোনিবেশ কৰা প্ৰয়াত বেজবৰুৱাই খেলমাটি নামঘৰ প্ৰতিষ্ঠাৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হোৱাৰ লগতে অন্যান্য বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছিল। ১৯৯৬ চনত ধেমাজি জিলা কোষাগাৰৰ পৰা গাননিক হিচাপে অৱসৰ গ্ৰহণ কৰা ৰামচন্দ্ৰ বেজবৰুৱা লখিমপুৰৰ যুৱ সমাজকৰ্মী, সত্ৰ মহাসভাৰ সক্ৰিয় কৰ্মী, অৰুণোদয় ব্যৱসায়ী সন্থাৰ সম্পাদক তপন বেজবৰুৱাৰ পিতৃ। মৃত্যুৰ সময়ত তেওঁ পত্নী মঞ্জুৱালা বেজবৰুৱা, তিনি পুত্ৰ, বোৱাৰী, দুই জী, জোঁৱাই, নাতি নাতিনী সহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত সমগ্ৰ লখিমপুৰ নগৰতে শোকৰ ছাঁ পৰিছে ।

Related Articles

Leave a Reply

Close