অসম

লালুকত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত যুৱ ব্যৱসায়ী

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ লালুকত অচিনাক্ত দুৰ্বৃত্তৰগুলীত নিহত যুৱ ব্যৱসায়ী৷ লালুক থানাৰ অন্তৰ্গত যুৱনগৰ তিনি আলিত নিশা ৯ বজাত সংঘটিত  ঘটনাত এজন যুৱ ব্যৱসায়ীক নিচেই সমীপৰ পৰা মূৰত তিনি জাই গুলী মাৰি ধাৰাশায়ী কৰি উধাও হয়৷ যুৱনগৰৰ মফিজ খানৰ পুত্ৰ তথা যুৱ ব্যৱসায়ী গুলজাৰ হুছেইন খানক (৪০) নিশা ৯ বজাত ঘৰৰ সমীপতে গুলীয়াই আহত কৰে৷ আঘাটপ্ৰাপ্ত গুলজাৰক ততাতৈয়াকৈ লালুক আৰ্দশ চিকিৎসালয়লৈ আনে যদিও অতি সংকট জনক হৈ পৰাত লখিমপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ চিকিৎসালয়লৈ নিয়াৰ পথত গুলজাৰৰ মৃত্যু।

Related Articles

Leave a Reply

Close