অসম

চাবুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰথম খবৰ, লাহোৱাল: ধুমুহাত ক্ষতিগ্ৰস্থ চৰকাৰী বিদ্যালয় সমূহে ছমহীয়া পৰীক্ষাৰ আগত মেৰামতি কৰাৰ দাবীত আজি চাবুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক প্ৰতিবাদ কাৰীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় R.S.S আৰু পুজিপতিৰ স্বাৰ্থত কাম কৰি শিক্ষাবিভাগক ধ্বংসৰ দিশে গতি কৰাৰ পৰিকল্পনা ৰচিছে বুলি এক ভয়ংকৰ অভিযোগ আনে প্ৰতিবাদকাৰী সকলে। উল্লেখ্য যে চৰকাৰী বিদ্যালয় সমূহৰ একত্ৰিকৰণ আৰু সংলগ্ন কৰণ আৰু চাবুৱাৰ ডি.ডি.আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ আনি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। আনহাতে চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া জনে অভিযোগ সমূহৰ বিৰুদ্ধে তদন্তৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত পথ অবৰোধ কাৰ্য্যসূচী উঠাই লয়।

Related Articles

Leave a Reply

Close