অসম

লিডুত “আমাৰ গাৱ আমাৰ আঁচনি”ৰ চূড়ান্ত গাওঁসভা সম্পন্ন

প্ৰথম খবৰ,লিডু: চৰকাৰী আঁচনিৰ সঠিক প্ৰয়োগৰ ক্ষেত্রত ৰাইজৰ দ্বায়বদ্ধতা অধিক । ৰাইজৰ সজাগ দৃষ্টিত এই চৰকাৰী আচনিয়ে দুৰ্নীতি মুক্ত ৰূপ পাব—এই মন্তব্য তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষ্মীনন্দন গগৈৰ। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লিডুৰ শামুকজান গাওঁ পঞ্চায়তত অনুষ্ঠিত আমাৰ গাওঁ আমাৰ আচনিৰ চূড়ান্ত গাওঁ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী গগৈয়ে আমাৰ গাওঁ আমাৰ আচনিৰ জড়িয়তে চৰকাৰে জনকল্যাণ মূলক আঁচনিসমূহ নিৰূপণ আৰু গ্ৰহণৰ কৰ্তৃত্ব ৰাইজৰ হাতত অৰ্পণ কৰা বুলি নিজ ভাষণত উল্লেখ কৰে। পঞ্চায়তখনৰ সভাপতি সুখদেৱ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভা খনত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাজনীতিৰ উৰ্ধত থাকি ৰাইজৰ স্বাৰ্থত চৰকাৰী আচনি সমূহ ৰূপায়ণ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান জনায় । সভাখনত অসম ৰাজ্যিক গ্ৰাম্যোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰৱক্তা নৃপেন হাজৰিকাই আমাৰ গাওঁ আমাৰ আচনিৰ সন্দৰ্ভত বিস্তৃত বাখ্যা ডাঙি ধৰে । লক্ষ্মীনন্দন গগৈৰ দ্বাৰা ৰচিত আৰু সুৰ দিয়া এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠান টোৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই সভাপতি সুখদেৱ শৰ্মাই । পঞ্চায়ত খনৰ সম্পাদক ৰণজ্ঞিত হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা আৰু প্ৰায় দুই সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত খণ্ড উন্নয়ন বিষয়া ৰাম চন্দ্ৰ দেউৰী , আন্ঞ্চলিক পন্ঞ্চায়তৰ সভানেত্ৰী গীতান্ঞ্জলি সোণোৱাল, বিশিষ্ট সমাজসেৱক ড° ৰঞ্জিত দত্ত, সোমেশ্বৰ নেওগ, জগত চাংমাই, ৰবীন শৰ্মা লক্ষ্মীনাথ হালৱা চন্দ্ৰ গৌতম হৰি বাহাদুৰ ছেত্ৰী কনিকা দে ধীৰাজ সোণোৱাল কেশৱ আচাৰ্যী উমা দাস চুফাতি পমুং মিলি, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, জিলা পৰিযদৰ সদস্যা বিনীতা হোড়, আঞ্চলিক পঞ্চায়তৰ সদস্যা বাবলী নাগ বৰগোহাই , কনিষ্ঠ অভিযন্তা প্ৰদীপ বৰা আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি অতিথি ৰূপে উপস্থিত থাকে। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডই আদৰ্শ গাঁও সভা হিচাপে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ১২ মেৰ পৰা বিভিন্ন ৱাৰ্ডত অনুষ্ঠিত কৰা গাঁও সভা সমূহত গ্ৰহণ কৰা বিভিন্ন আচনি সমূহৰ চূড়ান্ত তালিকা গ্ৰহণ কৰা হয় । এই সভাতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শামুক জান গাওঁ পঞ্চায়তৰ দহ গৰাকী শিক্ষাৰ্থীৰ লগতে আদৰ্শ খেতিয়ক হিচাপে শ্যামলাল শৰ্মা , ক্ষীপ্ত গতিত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰাৰ বাবে বিষ্ণু দাস আৰু ২ নং মালো গাৱঁক আদৰ্শ গাঁও হিচাপে সম্বর্ধনা জনোৱা হয় ।

Related Articles

Leave a Reply

Close