অসমশীৰ্ষ

লোকে লোকাৰণ্য কামাখ্যা ধাম

প্ৰথম খবৰ,গুৱাহাটী: অম্বুবাচীক লৈ কামাখ্যাত ভক্তৰ ব্যাপক ভিৰ। প্ৰশাসনে ভবাৰ তুলনাত তিনিগুণ বৃদ্ধি ভক্তৰ ভিৰ। ভক্তৰ ভিৰৰ বাবে ৰচী লগাই এবাৰত সীমিত লোককহে মন্দিৰৰ ভিতৰত আহিব দিছে প্ৰশাসনে। বন্ধ কৰি দিয়া হৈছে জ্যেষ্ঠ আৰু শাৰীৰিক অক্ষম লোকৰ বাবে দিয়া ফ্ৰী যাতায়ত। একেদৰেই বন্ধ কৰা হৈছে সংবাদমাধ্যমৰ লোকৰ বাবে দিয়া বিশেষ বাহন। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ আৰু সোমবাৰে আৰু অধিক ভক্তৰ ভিৰ হোৱাৰ আশংকা কৰিছে প্ৰশাসনে। লগতে ভক্তসকলৰ বাবে পুনৰ কেনেকৈ ফ্ৰী যাতায়তৰ ব্যৱস্থা কৰিব পাৰি তাৰ কথাও চিন্তা কৰিছে জিলা প্ৰশাসনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close