অসমশীৰ্ষ

শদিয়াত আছুৰ কেন্দ্ৰীয়ভাৱে ৰাভা দিৱসৰ প্ৰস্তুতি তুংগত

প্ৰথম খবৰ, কাকপথাৰ : সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস এইবাৰ তিনিচুকীয়া জিলাৰ শদিয়াত অনুস্থিত কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত আৰু শদিয়াবাসী ৰাইজৰ সহযোগত ১৯ আৰু ২০ জুন দুদিনীয়া কাৰ্য্যসূচীৰে শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত ১৪ খনকৈ উপ- সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে ৷ মুনীন বঢ়াগোহাঁইক সভাপতি, গুণীন চুতীয়া, সিদ্বাৰ্থ শংকৰ গগৈ আৰু দীপাংকৰ সোনোৱালক কাৰ্যকৰী সভাপতি আৰু ক্ষীৰোদ গগৈক মূখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতিৰ জৰিড়তে অসমবাসী ৰাইজক আদৰিবলৈ সাজু হৈছে শদিয়াবাসী ৷ কাৰ্য্যসূচীমতে ১৯ জুনৰ পূৱা গ্ৰন্থমেলা আৰু প্ৰদশনীৰ দ্বাৰ মুকলিৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুস্থিত হব ৷ ২০ জুনৰ পূৱা আছুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাৰ্ল্যপণ, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ পিছতেই মুকলি সভা আৰু কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুস্থান অনুস্থিত হব ৷ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্টানত অসমৰ দহ জনৰো অধিক জনপ্ৰিয় কন্ঠশিল্পীয়ে গীত পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে ৷ ভাৰতৰ ভিতৰত সৰ্ববৃৎ দলং খনৰ উদ্ধোধনী পিছত ৰাইজৰ মনত আনন্দৰ ধল মাৰ নৌ যাওঁতেই আছুৰ এই ব্যয় বহুল ৰাভা দিৱস আয়োজনে আকৌ আনন্দৰ বন্যা বোৱাইছে শদিয়াবাসীলৈ ৷

Related Articles

Leave a Reply

Close